ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰিগাঁও জিলাতো আজি বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ভীমবৰ দেউৰী বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ মিলেশ্বৰ পাতৰে কয় যে সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশেৰে এক জাতি মহান জাতি গঠনৰ বাবে বিষ্ণু ৰাভাদেৱে অহোপুৰুষাৰ্থ কৰিছিল। খাটি খোৱা মানুহৰ মুক্তি আৰু বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে তেওঁ নিৰৱচ্চিন্নভাৱে কাম কৰিছিল।
কেৱল জাকজমকতাৰে বিষ্ণু ৰাভা দিৱস পালন কৰিলেই নহ’ব, তেখেতৰ আদর্শক সৰোগত কৰি আমাৰ সমাজখন আগবাঢ়িলেহে বিষ্ণু ৰাভা দিৱস উদযাপন সফল হ’ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বিষ্ণু প্ৰসাদ ৰাভাই অসমত থকা সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিল বুলি তেওঁ উল্লেখ কৰে।
অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰীয়ে আদৰণি ভাষণ দি কয় যে বিষ্ণু প্ৰসাদ ৰাভাই জাতি-ভেদ, উচ্চ-নীচভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে আজীৱন অক্লান্ত পৰিশ্ৰম কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সাহিত্য-সংস্কৃতি হ’ল এটা জাতিৰ মেৰুদণ্ডস্বৰূপ, যাৰ অবিহনে এটা জাতিৰ অস্তিত্ব বিপদাপন্ন। সেয়েহে তেওঁ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰিছিল।
আজিৰ অনুষ্ঠানত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মায়ো ভাষণ দিয়ে। দুয়োগৰাকী বক্তাই নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলে বিষ্ণু প্ৰসাদ ৰাভাদেৱক জানিব লাগিব বুলি দৃঢ়তাৰে মত প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰ আৰু বিশিষ্ট ব্যক্তিসকলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে।
সভাত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ত সুনাম অৰ্জন কৰা তিনিগৰাকী কণ্ঠশিল্পী ক্ৰমে শিল্পী বৰদলৈ, চায়াৰাণী মেলাং আৰু শিল্পী মছৰঙে বিষ্ণু প্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰে। এই অনুষ্ঠানৰ পিছতেই তেজপুৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।