আজি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ স্মৃতি দিৱস । তেওঁ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধাও আছিল । ১৯১৩ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ শিক্ষা আহৰণ কৰি ১৯১৫ চনত তেওঁ গুৱাহাটীত ওকালতিৰে কৰ্মজীৱনৰ পাতনি মেলে । ১৯৩৮ চনত তেওঁ গুৱাহাটী লোকেল বোৰ্ডৰ চেয়াৰমেন হয় । ১৯৪৬ চনত হাজো সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ বৰদলৈ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰী নিযুক্ত হয় । ১৯৫০ চনত গোপীনাথ বৰদলৈৰ আকস্মিক বিয়োগত তেওঁ মুখ্যমন্ত্ৰীৰ পদ চম্ভালিবলগীয়া হয় । ১৯৫২ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ বিপুল জয়লাভত তেওঁৰ মুখ্যমন্ত্ৰিত্বত মন্ত্ৰীসভা গঠন হয় । ১৯৫৮ চনত তেওঁ মাদ্ৰাজৰ (বৰ্তমানৰ তামিলনাডু) ৰাজ্যপাল নিযুক্ত হয় । তেৱেঁই আছিল এই সন্মানীয় পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া । ১৯৮১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি শোণিত কোঁৱৰ গজেন বৰুৱাৰ স্মৃতি দিৱস । এগৰাকী নিপুণ নৃত্যশিল্পী হিচাপে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছিল । তেওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’তো অভিনয় কৰিছিল । চলচ্চিত্ৰখনত তেওঁ ৰাজকোঁৱৰৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল । চলচ্চিত্ৰখনত সংযোজিত তেওঁৰ জাপি নৃত্যই চলচ্চিত্ৰখনক বিশেষ মাত্ৰা প্ৰদান কৰিছিল । ১৯৪৪ চনত কলিকতাত তেওঁ ‘কামৰূপ কলা ভৱন’ নামৰ এটা নৃত্য চৰ্চা কেন্দ্ৰ স্থাপন কৰে । জামুগুৰিহাটৰ বিখ্যাত বাৰেচহৰীয়া ভাওনাৰ তেওঁ পট অংকন কৰিছিল । ১৯৭৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট কণ্ঠশিল্পী তথা সংগীত পৰিচালক কুল বৰুৱাৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । স্কুলীয়া দিনতে তেওঁ আকাশবাণী গুৱাহাটীৰ অকণিৰ মেল আৰু চেমনীয়াৰ চ’ৰাত গীত গাই প্ৰতিভাৰ পৰিচয় দিছিল । ১৯৬৮ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ নিয়মীয়া কণ্ঠশিল্পীৰ স্বীকৃতি লাভ কৰে । শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে, কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে, জুমি জুমি চোৱা তুমি আদি তেওঁৰ কণ্ঠৰ জনপ্ৰিয় গীত । অতুল মেধিৰ সৈতে তেওঁ শ্ৰীমতী মহিমাময়ী আৰু সাদৰী চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । সেন্দূৰ, বৃষ্টি, প্ৰভাতী পখীৰ গান আদি চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠদান কৰিছিল । দূৰদৰ্শন ধাৰাবাহিক লহৰ আৰু নামঘৰীয়াৰো সংগীত পৰিচালনা কৰিছিল তেওঁ । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।