আজি গুৱাহাটীত ৰে’লৱে আৰক্ষীৰ অভিযানত দুখন ৰাজধানী এক্সপ্ৰেছৰ পৰা পৃথকে পৃথকে জব্দ কৰা হয় ৭৪ লাখ টকাৰ মৰ্ফিন আৰু অবৈধ চিগাৰেট ৷ আনহাতে অবৈধ চিগাৰেট সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় তিনিজন লোকক ৷
আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি প্ৰথম ঘটনাটোত বুধবাৰে গুৱাহাটী জিআৰপি গোটে ‘২০৫০৩ ৰাজধানী এক্সপ্ৰেছ’ৰ পৰা ০.৭৩ কিলোগ্ৰাম মৰ্ফিনৰ সৈতে দুজন লোকক আটক কৰে। খবৰ অনুসৰি তেওঁলোকে ডিমাপুৰৰ পৰা লক্ষ্ণৌলৈ মৰ্ফিন কঢ়িয়াই লৈ গৈছিল। উদ্ধাৰ হোৱা দ্ৰব্যখিনিৰ আনুমানিক ব্যয় হৈছে ৭০ লাখ টকা।তেওঁ লগতে এই ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয়।
আনহাতে দ্বিতীয় ঘটনাটোত, আন এজন ব্যক্তিক ‘১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ’ৰ পৰা ২০০ বাণ্ডল অবৈধ চিগাৰেটৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷ খবৰ অনুসৰি তেওঁ ডিমাপুৰৰ পৰা এলাহাবাদলৈ নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিছিল। উদ্ধাৰ হোৱা চিগাৰেটৰ আনুমানিক মূল্য হৈছে ৪ লাখ টকা ।
ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত ।