১৯৯৪ চনত এজন লোকৰ গাড়ীৰ খুন্দাত এটা ম’হৰ মৃত্যু হৈছিল । তাৰ পিছত প্ৰায় তিনিটা দশক পাৰ হৈ গ’ল। সেই সময়ত পঞ্চাশ বছৰ বয়সৰ আচান এতিয়া বৃদ্ধ। পক্ষাঘাতত আক্ৰান্ত। ম’হটোৰ মৃত্যুৰ ২৮ বছৰৰ পাছতো আদালতে সেই গোচৰত আচানক তলৱ কৰিছে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ ২৮ বছৰৰ পিছত আদালতৰ চমন লাভ কৰি হতচকিত হৈ পৰিছে বৃদ্ধ লোকজন ৷
উত্তৰ প্ৰদেশৰ বাৰাবাংকিৰ বাসিন্দা ৮৩ বছৰীয়া আচান। দীৰ্ঘদিনীয়া ড্ৰাইভাৰ হিচাপে কাম কৰাৰ পিছত প্ৰায় দুটা দশক ধৰি গাড়ী চলোৱা বন্ধ কৰি দিছে ৷ পক্ষাঘাতগ্ৰস্ত বৃদ্ধজনে এতিয়া ঘৰতে সময় কটায় ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি সোমবাৰে হঠাতে বৰেলী আৰক্ষীৰ এটা দল আচানৰ ঘৰলৈ আহিছিল। ন্যায়িক জিলা দণ্ডাধীশৰ আদালতৰ পৰা চমন পত্ৰ তেওঁৰ হাতত তুলি দিয়ে আৰক্ষীয়ে। থতমত খাই আচান আৰক্ষীৰ সন্মুখত কান্দোনত ভাঙি পৰে । অৱশ্যে নিৰ্দিষ্ট দিনটোত হাজিৰ নহ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে।
এই প্ৰসংগত আচানে কয়, “মই আগতে উত্তৰ প্ৰদেশ পৰিবহণ বিভাগত ড্ৰাইভাৰ হিচাপে কাম কৰিছিলোঁ। ১৯৯৪ চনত এবাৰ গাড়ীৰে বৰেলীলৈ গৈছিলো। তাৰ পৰা ফৰিদপুৰলৈ গ’লোঁ৷ ৰাতি ঘূৰি আহি থাকোঁতে হঠাতে গাড়ীৰ সন্মুখত এটা ম’হ আহিল। ব্ৰেক কাম নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ম’হটো মৰি যায়। মই নিজে ফৰিদপুৰ থানালৈ গৈ আৰক্ষীক খবৰ দিলোঁ। মোৰ নামত গোচৰ ৰুজু হ’ল।”
তেওঁ ইয়াৰ আগতে দুবাৰকৈ আদালতৰ চমন পাইছিল। কিন্তু দুয়োবাৰেই জামিন পাইছিল। সেই ঘটনাৰ প্ৰায় ত্ৰিশ বছৰ পাৰ হৈ গ’ল। কিন্তু সেই ঘটনাৰ বাবে তেওঁক পুনৰ তলব কৰা হৈছে ৷