অধিকাংশ ৰেলৰ অনাময় ব্যৱস্থা যথেষ্ট শোচনীয় ৷ বিশেষকৈ টয়লেট, বেচিন আদি যথেষ্ট লেতেৰা হোৱাৰ বাবে প্ৰায়ে ব্যৱহাৰ কৰিবলৈ অনুপযোগী অৱস্থাত থকা পৰিলক্ষিত হয় ৷ যাৰ বাবে আমি সঘনাই ৰেল বিভাগক জগৰীয়া কৰো ৷ কিন্তু সকলো সময়তে ইয়াৰ বাবে ৰেল বিভাগ দোষীনে ?সেয়াও এই মুহুর্তৰ এক ডাঙৰ প্ৰশ্ন ৷ কিয়নো বহু সময়ত নাগৰিক অথবা যাত্ৰীৰ ন্যুনতম জ্ঞান নথকাৰ বাবেও ৰাজহুৱা ব্যৱস্থাৰ শোচনীয় পৰিৱেশ পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ এগৰাকী আই আৰ টি এছ বিষয়াৰ এটা টুইটে পোহৰলৈ আহিছে একাংশ ৰে’ল যাত্ৰীৰ দায়িত্বহীনতা ৷ সঞ্জয় কুমাৰ নামৰ বিষয়াগৰাকীয়ে এক টুইটযোগে এখন ৰে’লৰ পানী ভর্তি এটা বেচিনৰ ফটো আপলোডসেয়েহে কৰি কয় যে গুটখা খাই বেচিনত পেলোৱাৰ বাবে পানী যোৱা পাইপ বন্ধ হৈ বেচিনতো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷ অধিকাংশ ৰে’লতে এইধৰণৰ সমস্যা দেখা গৈছে বুলিও তেওঁ সদৰী কৰিছে ৷