মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ! মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ খাৰাৱলী গাঁৱত এগৰাকী মাতৃয়ে ঘৰুৱা বিবাদৰ পিছত সোমবাৰে অৰ্থাৎ ৩০ মে’ৰ দিনা পাঁচগৰাকী কন্যা সন্তানকে ধৰি তেওঁৰ ছয়টা শিশুক এটা কুঁৱাত পেলাই দিয়াৰ বাতৰিয়ে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে সোমবাৰে আবেলি মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত মাহাদ তালুকাৰ খাৰাৱলী গাঁৱত এই আচৰিত ঘটনাটো সংঘটিত হয়।স্বামীৰ পৰিয়ালৰ সদস্যসকলে প্ৰহাৰ কৰাৰ পিছত ৩০ বছৰীয়া মহিলাগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ কয়।বিষয়াজনে লগতে কয় যে, কুঁৱাত ডুব গৈ মৃত্যু হোৱা শিশুসকলৰ বয়স আছিল ১৮ মাহৰ পৰা ১০ বছৰৰ ভিতৰত ।