আজি সমগ্ৰ শিক্ষা অসম আৰু সুমঙ্গল ফাউণ্ডেচনৰ মাজত ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ দহখনকৈ বিদ্যালয়ত টিংকাৰিং লেৱ স্থাপনৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত সমগ্ৰ শিক্ষাৰ কাৰ্য্যালয়ত সমগ্ৰ শিক্ষা অসমৰ হৈ মিচন সঞ্চালক ড০ ওম প্ৰকাশ আৰু সুমঙ্গল ফাউণ্ডেচনৰ প্ৰতিনিধি গিৰিশ পৰশ্ৰমকাই এক বুজাবুজিৰ চুক্তি আনুষ্ঠানিক ভাৱে স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে এইক্ষেত্ৰত এছ.বি.আই. কাৰ্ড এণ্ড পেমেণ্ট ছাৰ্ভিচেছ লিমিটেডেও সম্পূৰ্ণ সহযোগীতা আগবঢ়াইছে।
এই চুক্তি অনুসৰি ডিব্ৰুগড় জিলাৰ শেনচোৱা পুখুৰী এইচ.ই স্কুল, ডিনজয় এইচ.এম.এইচ.এছ স্কুল, বগডুং হাইস্কুল, জয়পুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, হাতিআলি হাইস্কুল আৰু কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী হাইস্কুল, পাণ্ডু আদৰ্শ হাইস্কুল, গনেশ মন্দিৰ এইচ.এছ স্কুল, সাবিত্ৰী ভড়ালী হাইস্কুল আৰু গীতানগৰ হাইস্কুলত এই টিংকাৰিং লেৱ স্থাপন কৰা হ’ব। এই অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে সুমঙ্গল ফাউণ্ডেচনক তেওঁলোকে লোৱা এই প্ৰয়াসক প্ৰশংসা কৰে।
তেওঁ কয় যে বৰ্তমান যুগ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ সেয়েহ আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত চিনাকী কৰি দিয়াৰ বাবে ৰাজ্যখনৰ শিক্ষা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আহি থকা দিন সমূহত আৰু অধিক বিদ্যালয়ত এই টিংকাৰিং লেৱ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আজিৰ এই অনুষ্ঠানত সমগ্ৰ শিক্ষাৰ কাৰ্য্যবাহী সঞ্চালক সঞ্জয় দত্তৰ লগতে সুমঙ্গল ফাউণ্ডেচনৰ বিষয়ববীয়া সকল উপস্থিত থাকে।