ৰাজ্যৰ আগশাৰীৰ ৱেব পর্টেল অসম লাইভৰ সৈতে সম্পর্কচ্ছ্যেদ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৷ এক বিবৃতিৰ জৰিয়তে তেওঁ এই কথা সদৰী কৰিছে ৷ ৱেৱ পর্টেলটো আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূর্বৰে পৰা জড়িত হৈ আছিল সাংসদ ভুঞা ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীক লৈ ৱেব পর্টেলটোৱে বাতৰি পৰিৱেশন নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি সাংসদজনে সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত নাথাকে বুলি ঘোষণা কৰে ৷ বিবৃতিটোত তেওঁ কয় –‘ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত চেনেলটোৰ ব্যর্থতা গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ অংশীদাৰ মই হ’ব নোৱাৰো ৷ অসম আন্দোলন, জৰুৰীকালীন সময় অথবা ৯০ৰ দশকত চৰকাৰে মিডিয়া নিয়ন্ত্ৰনৰ বাবে চলোৱা প্ৰচেষ্টাৰ সময়ত মূৰ দোৱাবলৈ অমান্তি প্ৰকাশ কৰা অসমৰ সংবাদমাধ্যমৰ গৌৰৱজ্বল পৰম্পৰাৰ এয়া বিৰোধী ৷”
অৱশ্যে এয়া এক স্থিতি গ্ৰহণৰ সময় আৰু তেওঁ সেই বাবেই এই সিদ্ধান্ত গ্ৰহন কৰিছে বুলি উল্লেখ কৰি কয় সংবাদ প্ৰতি্ষ্ঠানটোৰ অংশীদাৰ হ’বলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে সম্পর্ক চ্ছ্যেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো তেওঁৰ বাবে অত্যন্ত কঠিন আছিল বুলি উল্লেখ কৰি ভুঞাই কয় যে তেওঁলোকৰ সৈতে কাম কৰাটো তেওঁৰ বাবে আছিল সুখদায়ক ৷ যিহেতু তেওঁৰ বাবে সাংবাদিকতাই হৈছে জীৱনৰ প্ৰথম প্ৰেম ৷