ৰাজনৈতিক নেতাসকলৰ মাজত কথাৰ কটাকটি কোনো নতুন কথা নহয় ৷ দৈনিক এজন নেতাই আনজন নেতাৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ শাসক আৰু বিৰোধী পক্ষৰ নেতা মন্ত্ৰীসকলৰ মাজত ৰাজনৈতিক বাকবিতণ্ডা সাধাৰণ কথা ৷ এইবাৰ ৰাজনৈতিক বাকবিতণ্ডা আৰম্ভ হৈছে শাসকীয় পক্ষৰ বিধায়ক মৃণাল শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত ৷ আনকি ভূপেন বৰাক শইকীয়াই জনাইছে প্ৰত্যাহ্বান ৷
শেহতীয়াকৈ ভূপেন বৰাই প্ৰকাশ কৰিছিল যে আগন্তুক লোকসভা নির্বাচনত কংগ্ৰেছে ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত ৯ খন আসন লাভ কৰিব ৷ ভূপেন বৰাৰ এই ঘোষণাকে ওভতি ধৰিছে বিধায়কজনে ৷ সংবাধমাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিধায়কজনে কয় যে যদিহে কংগ্ৰেছে লোকসভাত অসমত ৯ খন আসন লাভ কৰে তেনেহ’লে তেওঁ বিধায়ক পদ ত্যাগ কৰিব ৷ তেওঁ কংগ্ৰেছক পত্ৰখন ২০২৪ চনৰ লোকসভা নির্বাচনৰ ফলাফল ঘোষণা কৰা দিনটোলৈ সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছে ৷ ফলাফলৰ দিনা কংগ্ৰেছে ৯ খন আসন লাভ কৰাৰ লগে লগে অসম বিধানসভাৰ অধ্যক্ষৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিব বুলিও শইকীয়াই উল্লেখ কৰিছে ৷ অৱশ্যে সচাঁকৈয়ে কংগ্ৰেছে ৯ খন আসন লাভ কৰিব নে নকৰে তাৰ বাবে ২০২৪ চনলৈ অপেক্ষা কৰিব লাগিব ৷