কাইলৈৰ পৰা আৰবত অনুষ্ঠিত হ’বলগীয়া টি ২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিংহ ধোনীয়ে ভাৰতীয় দলৰ পৰামৰ্শ দাতা হিচাপে অংশগ্ৰহণ কৰিব। পূৰ্বৰ অধিনায়কজনৰ উপস্থিতিত ভাৰতীয় ক্ৰিকেট দললৈ এক সাহস ঘূৰি আহিছে
বিনামূলীয়াকৈ পৰামৰ্শদাতা হিচাপে আগবাঢ়ি অহা মহেন্দ্ৰ সিংহ ধোনীৰ নেতৃত্বত ২০০৭ চনত টি২০ ৰ বিশ্ব কাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
কালি ডুবাইৰ ব্ৰুজ কালিফাত বৈদ্যুতিক মাধ্যমেৰে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চীৰ প্ৰদৰ্শন কৰি ভাৰতৰ ক্ৰিকেট দলক উৎসাহ প্ৰদান কৰাৰ লগতে ভাৰতবাসীক আকৰ্ষিত কৰিছে।