VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আই আই ই গুৱাহাটীত এম এছ ডি ইৰ সচিব অতুল কুমাৰ তিৱাৰী, খতিয়ান ল’লে কাম-কাজৰ

voicedesk by voicedesk
June 1, 2024
in মুখ্য সংবাদ
আই আই ই গুৱাহাটীত এম এছ ডি ইৰ সচিব অতুল কুমাৰ তিৱাৰী, খতিয়ান ল’লে কাম-কাজৰ
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূর্বাঞ্চলত উদ্যোমিতা বৃদ্ধিৰ বাবে আই আই ইয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ খতিয়ান ল’বলৈ শেহতীয়াকৈ ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠানত উপস্থিত হয় ভাৰত চৰকাৰৰ এম এছ ডি ইৰ সচিব  অতুল কুমাৰ তিৱাৰী ৷

শেহতীয়া বছৰবোৰত আই আই ইয়ে অঞ্চলটোত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে  তিৱাৰীক অৱগত কৰা হয় ৷ যিসমূহ কার্যসূচীৰ ইতিবাচক পৰিণতি হিচাপে কেইবাজনো প্ৰথম প্ৰজন্মৰ উদ্যোগীক সৃষ্টি হোৱাৰ লগতে  বিভিন্ন জনজাতিৰ অন্তৰ্গত হাজাৰ হাজাৰ পৰিয়ালে সন্মানজনক জীৱিকা লাভ কৰিছে ৷ আলোচনাত অংশগ্ৰহণ কৰি আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তিৱাৰীয়ে অঞ্চলটোত উদ্যোগীকৰণ সৃষ্টিৰ ক্ষেত্ৰত আই আই ইয়ে লোৱা  অগ্ৰণী পদক্ষেপৰ শলাগ লোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশৰ লগত সংগতি ৰাখি বিকাশ আৰু উদ্যোগীকৰণৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণ কৰাৰ বাবেও মূল্যৱান পৰামৰ্শও আগবঢ়ায় ৷  উদ্যোগীকৰণৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আই আই ইক ভূয়সী প্ৰশংসা কৰে  তিৱাৰীয়ে  ৷ তেওঁ লগতে কয় যে মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণে সামগ্ৰিকভাৱে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।

তিৱাৰীয়ে ভ্ৰমণৰ সময়ত বন্ধন কেন্দ্ৰৰ হিতাধিকাৰী, অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মী, আই টি আইৰ অধ্যাপক সদস্য আৰু মেঘালয় ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়াসকলকে ধৰি আই আই ইত বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীৰ বিভিন্ন গোটৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভত মতামত গ্ৰহণ কৰি অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি তিৱাৰীয়ে আই আই ইৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত ইতিবাচক অৰিহণা যোগাবলৈ আহ্বান জনায়। দক্ষতা বিকাশ আৰু উদ্যোমিতা মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলত দক্ষতা আৰু উদ্যোগীকৰণ বিকাশৰ  বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে  ৷ যাতে অঞ্চলটোৰ জনগোষ্ঠীসমূহক অভূতপূৰ্ব আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰিব পৰা যায় ৷

 

তিৱাৰীয়ে আই আই ইত বৰ্তমানৰ বিভিন্ন আন্তঃগাঁথনি আৰু ইনকিউবেচন কেন্দ্ৰসমূহো পৰিদৰ্শন কৰি উদীয়মান উদ্যোগীসকলক দক্ষতা উন্নীতকৰণৰ বাবে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনায়। তেওঁ আই আই ইৰ সক্ৰিয় টীমটোৰ শলাগ লৈ কয় যে সক্ৰিয় দলীয় মনোভাৱ আৰু সংহত পৰিৱেশ বজাই ৰখাটোৱেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ মূল চাবিকাঠি।

 

ইয়াৰ পূৰ্বে  তিৱাৰীক উষ্ম আদৰণি জনায় আই আই ইৰ সঞ্চালক ড০ ললিত শৰ্মাৰ লগতে জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকলে। আই আই ইৰ বিষয়াসকলৰ সৈতে বন্ধন কেন্দ্ৰৰ সদস্যসকলে অনন্য পৰম্পৰাগত সামগ্ৰীৰে  তিৱাৰীক সম্বৰ্ধনা জনায়।  তিৱাৰীয়ে ভ্ৰমণৰ সময়ত চৌহদত অৰ্জুন গছৰ পুলিও ৰোপণ কৰে। তেওঁৰ এই ভ্ৰমণে আই আই ইৰ সকলো প্ৰশিক্ষাৰ্থী আৰু কৰ্মচাৰীক উৎসাহিত আৰু প্ৰেৰণা যোগায়।

 

Previous Post

অলিম্পিকত ভাৰতৰ বাবে আন এক কোটা নিশ্চিত কৰিলে নিশান্তই, বক্সিংত যোগ্যতা অর্জন

Next Post

ধূমপানৰ ফলত কেবল কেন্সাৰেই নহয়, আন কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় জানেনে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ধূমপানৰ ফলত কেবল কেন্সাৰেই নহয়,  আন কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় জানেনে ?

ধূমপানৰ ফলত কেবল কেন্সাৰেই নহয়, আন কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7