নেৰানেপেৰা বৰষুণত পুনৰ স্তব্ধ হৈ পৰিল মুম্বাইৰ জীৱনযাত্ৰা । বাতিল কৰা হয় ৰে’লসেৱা ৷ ৰাস্তা-ঘাট কৃত্ৰিম বানত প্লাৱিত হৈ পৰে ৷ বিমান সেৱাও লেহেমীয়া হৈ পৰে ৷ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিল যে সপ্তাহৰ প্ৰথমটো কৰ্মদিন সোমবাৰে বিদ্যালয়-মহাবিদ্যালয়ত অর্ধ ছুটী ঘোষণা কৰিবলৈ বাধ্য হয় প্ৰশাসনে। মুম্বাইৰ জনসাধাৰণকো জৰুৰী প্ৰয়োজনৰ বাহিৰে আন কামত ঘৰৰ পৰা ওলাই নাহিবলৈ প্ৰশাসনে আহ্বান জনাইছে ৷
দেওবাৰে নিশাৰ পৰা মুম্বাইত বৰষুণ আৰম্ভ হয়। সোমবাৰে পুৱালৈকে ৭ৰ পৰা আঠ ঘণ্টা ধৰি অবিৰতভাৱে বৰষুণ দি আছে। যাৰ ফলত জলমগ্ন হৈ পৰে দেশৰ অৰ্থনৈতিক ৰাজধানী। বেছিভাগ অঞ্চলতে ৰেলপথত জমা হৈছে পানী। দ’ অঞ্চলত পথত আঁঠুৰ ওপৰলৈ পানী ওপৰলৈ উঠিছে। বহু ৰেল আৰু বাছ সেৱা বাতিল কৰা হৈছে। পুনেৰ পৰা মুম্বাইলৈ যোৱা কিছু যাত্ৰীবাহী ৰে’ল আৰু স্থানীয় ৰে’ল বাতিল কৰা হৈছে।
ইয়াৰ মাজতে মৌছম ভৱনে কয় যে সোমবাৰে মুম্বাইৰ বতৰৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। আৰব সাগৰত ঢৌৰ উচ্চতা দুপৰীয়া ২ বজাৰ ভিতৰত প্ৰায় ১৪ ফুট হ’ব পাৰে বুলি সকীয়াই দিয়া হৈছে। একে সময়তে মুম্বাইবাসীক বীচ্চলৈ নাযাবলৈ কোৱা হৈছে। লগতে জৰুৰী প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈও পৰামৰ্শ দিয়া হৈছে।