মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ পৰা ৰহস্যজনক অস্ত্ৰ ভৰ্তি এখন নাও উদ্ধাৰ হোৱাৰ মাত্ৰ দুদিন পিছতে শনিবাৰে মুম্বাই আৰক্ষীয়ে পুনৰ আক্ৰমণৰ ভাবুকি লাভ কৰিছে ৷ এইবাৰ ২৬/১১ সদৃশ সন্ত্ৰাসবাদী আক্ৰমণ কৰা হ’ব বুলি মুম্বাই আৰক্ষীলৈ বার্তা প্ৰেৰণ কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানৰ এটা ফোন নম্বৰৰ পৰা মুম্বাই আৰক্ষীৰ ট্ৰেফিক কণ্ট্ৰ’ল লাইনত হোৱাটছএপযোগে এই বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷
বাৰ্তাটোত উল্লেখ কৰা অনুসৰি ৬ জন লোকে এই সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব বুলিও দাবী কৰা হৈছে ৷ সম্প্ৰতি মুম্বাই আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ৷ তদুপৰি অন্যান্য চোৰাংচোৱা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷
২০০৮ চনৰ নৱেম্বৰ মাহত লস্কৰ-ই-তৈবাৰ ১০ জন সদস্যই মুম্বাইৰ কেইবাটাও স্থানত আক্ৰমণ চলাই ১৫০ জনতকৈ অধিক লোকক হত্যা কৰিছিল ৷ লক্ষণীয় যে মহাৰাষ্ট্ৰৰ এণ্টি টেৰ’ৰ স্কোৱাডে বৃহস্পতিবাৰে ৰাইগড়ৰ পৰা এখন ৰহস্যজনক অস্ত্ৰ ভৰ্তি নাও জব্দ কৰে । এ টি এছৰ মুৰব্বী বিনীত আগৰৱালাই প্ৰকাশ কৰা অনুসৰি তিনিটা এ কে-৪৭ ৰাইফল নাওখনত উদ্ধাৰ কৰা হৈছে।