এখন কল্পনাতীত পৃথিৱীৰ সন্ধান উলিয়ালে মুম্বাই আৰক্ষীয়ে৷এখন ডান্স বাৰৰ আইনা ভাঙি সিপাৰে থকা পৃথিৱী খন প্ৰতক্ষ কৰি বাকৰুদ্ধ মুম্বাই আৰক্ষী৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷
দেওবাৰে মুম্বাইৰ এখন ডান্স বাৰত আৰক্ষীয়ে চলোৱা এক অভিযানত বাৰখনৰ ভিতৰত থকা এখন গ্লাছ ভঙাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ আইনাৰ পিছফালৰ বৃহৎ কোঠাটোত আছিল বিচনাৰ লগতে বিভিন্ন নিচাযুক্ত সামগ্ৰী আৰু ১৭গৰাকীকৈ যুৱতী ৷
বাহিৰৰ পৰা দেখাত আইনাৰ দৰে লগা এই আইনাৰ পিছফালৰ অবৈধ কাণ্ড প্ৰতক্ষ কৰাৰ পিছত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু মুম্বাই আৰক্ষীয়ে আটক কৰিছে ডান্সবাৰখনৰ মেনেজাৰক ৷