যোশী বেডেকাৰ মহাবিদ্যালয়ৰ চৌহদত নেশ্যনেল কেডেট কৰ্পছ (এনচিচি)ৰ এজন ছাত্ৰই কণিষ্ঠসকলক প্ৰহাৰ কৰাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ এদিন পিছতে মুম্বাই বিশ্ববিদ্যালয়ে এই ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কৰিছে।
মহাবিদ্যালয়খনত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত বিভিন্ন অভিযোগ পত্ৰ লাভ কৰাৰ পিছতে মুম্বাই বিশ্ববিদ্যালয়ে বিষয়টো চালিজাৰি চাবলৈ এখন কমিটী গঠন কৰিছে। এই কমিটীতত থাকিব বান্দ্ৰাৰ চেতনা বিদ্যালয়ৰ মুৰব্বী অধ্যাপক মোহন যোশী, ভিলেপাৰ্লেৰ দাহানুকাৰ বিদ্যালয়ৰ মুৰব্বী ড০ দ্যানেশ্বৰ ডোকে আৰু উলহাসনগৰৰ জে ৱাটুমুল সাধুবেলা বিদ্যালয়ৰ মুৰব্বী ড০ বসন্ত মালি। কমিটীক তৎকালীনভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে ৷
উল্লেখ্য যে এজন ছাত্ৰই বন্দী কৰা ভাইৰেল ভিডিঅ’টোত যোশী বেডেকাৰ মহাবিদ্যালয়ত ঘটা ভয়াৱহ ঘটনা পোহৰলৈ আনে ৷ ভিডিঅ’টোত প্ৰকাশ পোৱা অনুসৰি বৰষুণৰ মাজতে একাংশ যুৱকে অনুশীলন কৰি আছে ৷ বৰষুণৰ বাবে পানী জমা হোৱা স্থানতে যুৱককেইজনে অব্যাহত ৰাখিছিল কচৰৎ ৷ তেওঁলোকৰ পিছফালে ৰঙা টি-চাৰ্ট পিন্ধা যুৱক এজনে খোজ কাঢ়ি নিৰীক্ষণ কৰি আছিল ৷ আৰু কিবা ভুল দেখিলেই ৰঙা টি-ছার্ট পিন্ধা যুৱকজনে অনুশীলন কৰি থকা যুৱকসকলক এডাল লাঠীৰে প্ৰহাৰ কৰিছিল ৷