সলনি হ’ব মহাৰাষ্ট্ৰৰ ধাৰৱী বস্তিৰ ৰূপ। এছিয়াৰ সৰ্ববৃহৎ বস্তি পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসন প্ৰকল্পৰ হাতত লৈছে মহাৰাষ্ট্ৰ চৰকাৰে। তেওঁলোকে এই প্ৰকল্পৰ বাবে আগ্ৰহী ব্যক্তিগত কোম্পানীসমূহৰ পৰা নিবিদাৰ আহ্বান জনাইছিল। বিখ্যাত গৌতম আদানীৰ আদানী গোটে এই বস্তি অঞ্চলৰ পুনৰ নির্মাণৰ দায়িত্ব লাভ কৰিছে ৷
শুকুৰবাৰে মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহ নিৰ্মাণ বিভাগে প্ৰকাশ কৰে যে ধাৰাৱীত চৰকাৰে গ্ৰহণ কৰা পুনৰ নিৰ্মাণ প্ৰকল্পৰ দায়িত্ব আদানী গ্ৰুপে লাভ কৰিছে । মহাৰাষ্ট্ৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি প্ৰায় ৬০০ একৰ এলেকাত বিস্তৃত হৈ থকা এই বস্তিত আধুনিক সা-সুবিধাৰে ঘৰ, শ্বপিং মল নিৰ্মাণ কৰা হ’ব। বৰ্তমান বস্তিত অস্বাস্থ্যকৰ পৰিস্থিতিত জীয়াই থাকিবলৈ বাধ্য হোৱা বাসিন্দাসকলক নতুনকৈ নিৰ্মাণ কৰা আৱাসগৃহত সংস্থাপন কৰা হ’ব।
এই প্ৰকল্পত আদানীৰ দুই প্ৰতিদ্বন্দ্বী আছিল ডি এল এফ আৰু নমন গ্ৰুপ। কিন্তু আদানি ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপে সেই দুটা কোম্পানীতকৈ অধিক ধন বিনিয়োগ কৰিব বুলি কয়। উল্লেখযোগ্য যে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰাজ্যৰ ৰাজনীতিত আন এক পৰিৱৰ্তন ঘটিছে। এন চি পিৰ অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰিছে আৰু দলটোৰ সংখ্যাগৰিষ্ঠ বিধায়কে তেওঁৰ জ্যেষ্ঠ ভাতৃ শাৰদ পাৱাৰৰ বিৰুদ্ধে ক বিদ্ৰোহ ঘোষণা কৰিছে। শুকুৰবাৰে তেওঁ মহাৰাষ্ট্ৰৰ বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। ইয়াৰ পিছত আদানীয়ে বস্তি পুনৰ নিৰ্মাণৰ বাবে দায়িত্ব পোৱাৰ ঘোষণাক একাংশই ‘তাংপর্যপূর্ণ’ বুলি গণ্য কৰে।