১৩ মে’ শুকুৰবাৰে পশ্চিম দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ ওচৰৰ এটা অট্টালিকাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ২৭ জন লোক নিহত হোৱাৰ পিছত দিল্লী আৰক্ষীয়ে হৰিশ গোৱেল আৰু বৰুণ গোৱেল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ।
সংবাদ মাধ্যমৰ আগত আৰক্ষী উপায়ুক্ত (ডিচিপি) সমীৰ শৰ্মাই কয় যে , “ভৱনটোৰ গৰাকী হিচাপে চিনাক্ত হোৱা মনীষ লাক্ৰা বৰ্তমান পলাতক।”
ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৩০৪(অপৰাধমূলক নৰহত্যা), ৩০৮ (অপৰাধমূলক নৰহত্যাৰ চেষ্টা), ১২০ (কাৰাবাসৰ শাস্তিযোগ্য অপৰাধ কৰাৰ নক্সা গোপন কৰা), আৰু ৩৪ (উমৈহতীয়া উদ্দেশ্যৰ বাবে কেইবাজনো ব্যক্তিয়ে কৰা কাৰ্য)ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
উপ মুখ্য অগ্নি নিৰ্বাপক বিষয়া সুনীল চৌধুৰীয়ে ঘটনা সন্দৰ্ভত কয়, “তিনিমহলীয়া বাণিজ্যিক ভৱনটোত সংঘটিত অগ্নিকাণ্ডত ২৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।”
শুকুৰবাৰে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিব ৷ইফালে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত নিহত হোৱা লোকসকলৰ আত্মীয়সকলক ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। তেওঁ লগতে কয়, “আহতসকলক ৫০,০০০ টকা দিয়া হ’ব।”
আৰক্ষীৰ তথ্য অনুসৰি অগ্নিকাণ্ডটোত এতিয়ালৈকে ১২ জন লোক আহত আৰু ৫০ জনক উদ্ধাৰ কৰা হৈছে ৷ শুক্ৰবাৰে আবেলি প্ৰায় ৪:৪০ বজাত দিল্লীৰ মুণ্ডকা মেট্ৰ’ ষ্টেচনৰ ৫৪৪ নম্বৰ স্তম্ভৰ ওচৰৰ এটা অট্টালিকাত অগ্নিকাণ্ডটো সংঘটিত হয়।
দেশৰ কেইবাগৰাকীও শীৰ্ষ স্থানীয় ব্যক্তিয়ে দুৰ্ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অগ্নি নিৰ্বাপক বিভাগৰ বিভাগীয় বিষয়া সতপাল ভৰদ্বাজে কয় যে, ১২ জন আহতক উদ্ধাৰ কৰা হৈছে। “মাত্ৰ এটা চিৰি আছিল আৰু তাৰ বাবে মানুহবোৰ বাহিৰলৈ যাব নোৱাৰিলে। মই ভাবো অট্টালিকাটোত সঠিক এনঅ’চি (অগ্নি নিৰ্বাপক বিভাগৰ পৰা) নাছিল” ।
আৰক্ষীয়ে কৈছিল যে জুইত এগৰাকী মহিলাৰ মৃত্যু হৈছিল।আনহাতে পীড়িতসকলক তাৎক্ষণিক চিকিৎসা সহায় আগবঢ়োৱাৰ বাবে ঘটনাস্থলীত এম্বুলেন্সৰ সুবিধাও উপলব্ধ আছিল।
অসামৰিক প্ৰতিৰক্ষা বিষয়া এছ পি তোমাৰে কয়,যিসকল লোকৰ প্ৰিয়জন সন্ধানহীন বা আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকক সহায় কৰিবলৈ সঞ্জয় গান্ধী মেম’ৰিয়েল হস্পিটেলত এখন হেল্প ডেস্ক স্থাপন কৰা হৈছে, য’ত আহতসকলক ভৰ্তি কৰোৱা হৈছে ৷ ।