ৰাজ্যৰ পৌৰ সভাসমুহৰ নির্বাচনৰ দিন ঘোষণা কৰা হৈছে ৷ অহা ৬ মার্চত অনুষ্ঠিত হ’ব পৌৰ সভাৰ নির্বাচন ৷ ৮০ খন পৌৰ সভাৰ নির্বাচনৰ ভোটগণনা কৰা হ’ব অহা ৯ মার্চত ৷ অহা ২৮ ফেব্ৰুৱাৰী হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ পৌৰ সভা নির্বাচনৰ ভোটগ্ৰহণ ই ভি এমত কৰা হ’ব ৷ মুঠ ৪,১০০ টা ই ভি এম এইবাৰ পৌৰ সভা নির্বাচনত ব্যৱহাৰ কৰা হ’ব ৷ আজি এই কথা ঘোষণা কৰিছে ৰাজ্যিক নির্বাচনী আয়োগে ৷ইয়াৰ পুর্বে বেলটত গ্ৰহণ কৰা হৈছিল ভোট ৷
অৱশ্যে এইবাৰ ক’ভিডৰ বাবে নির্বাচনী ৰেলী, সমদল আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে আয়োগে ৷ ইয়াৰ পৰিৱর্তে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব প্ৰার্থীসকলে ৷ এজন প্ৰার্থীৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ সময়ত সর্বাধিক ১৫ জন সমর্থকক লগত নিব পাৰিব ৷
ডিব্ৰগড় পৌৰ সভাৰ নির্বাচনত থাকিব সর্বাধিক ভোট গ্ৰহণ কেন্দ্ৰ ৷ লক্ষণীয় যে শিলচৰ পৌৰ সভাৰ নির্বাচনৰ দিন আজি ঘোষনা কৰা হোৱা নাই ৷ এই পৌৰ সভাখনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈ থকাৰ বাবে আজি ইয়াৰ নির্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই ৷ উচ্চ ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত পৰৱর্তী সময়ত নির্বাচনৰ দিন ঘোষণা কৰা হ’ব ৷