দক্ষিণ কামৰূপৰ জোৰশিমুলীত কালি নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে ডিঙি চেপি হত্যা কৰাৰ অভিযোগ নৱ বিবাহিতা পত্নীক৷ জেছমিনা খাতুন নামৰ এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যা। হত্যাকাণ্ডত শাহুৱেক আৰু শহুৰেকো জড়িত থকাৰ অভিযোগ বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ।
মাত্ৰ ৮ মাহ পুৰ্বে বিবাহপাশত আৱদ্ধ হোৱা জেছমিনা খাতুনৰ স্বামী তথা হত্যাকাৰী হাবিজুৰ হকে ইতিমধ্যে নিজমুখে স্বীকাৰ কৰিছে পত্নীক হত্যা কৰাৰ কথা।
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলী গছপোতা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য৷
ইতিমধ্যে জোৰশিমুলী আৰক্ষীয়ে অভিযুক্ত স্বামীসহ শাহু–শহুৰেকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত৷ ইফালে, পত্নী জেছমিনা খাতুনক হত্যা কৰি পলায়ন কৰিছিল হত্যাকাৰী স্বামী হাবিজুৰ হক ৷ জোৰশিমুলী আৰক্ষীৰ অভিযানত নিশাৰ ভিতৰতে আটক কৰা হয় হত্যাকাৰী হাবিজুৰ হকক৷ মাত্ৰ ৮ মাহ পুৰ্বে বিবাহপাশত আৱদ্ধ হোৱা জেছমিনা খাতুনক কিয় হত্যা কৰিলে স্বামী হাবিজুৰে আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব সঠিক তথ্য ৷