উত্তৰ প্ৰদেশৰ গাজিয়া বাদ মুছুৰী অঞ্চলত সংঘটিত হ’ল এক শোকাবহ হত্যাকাণ্ড ৷ দশম শ্ৰেণীৰ এজন ছাত্ৰই অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পঢ়া-শুনাৰ পৰা মুক্তি পাবৰ বাবেই ছাত্ৰজনে ডিঙি চেপি হত্যা কৰিলে নিজৰ বন্ধুক ৷
উল্লেখ্য যে দশম শ্ৰেণীৰ ছাত্ৰজনে পঢ়া-শুনা কৰিবলৈ মন কৰা নাছিল আৰু তাৰ বাবেই বিদ্যালয়লৈ যোৱাৰ পৰা হাত সাৰিবলৈ কৰিছিল এক ভয়ংকৰ পৰিকল্পনা ৷ স্কুললৈ নগৈ কেনেকৈ জে’লত থাকিব পাৰি সেই কথা চিন্তা কৰি তেওঁ অৱশেষত হত্যা কৰে অষ্টম শ্ৰেণীত পঢ়ি থকা বন্ধুক ৷
উক্ত হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে শিহৰণকাৰী তথ্য ৷ শেষবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল বুলি জানিব পাৰি আৰক্ষীয়ে ছাত্ৰজনক জেৰা আৰম্ভ কৰিছিল আৰু হত্যাকাণ্ড সন্দৰ্ভত নিজৰ অপৰাধ স্বীকাৰ কৰে ছাত্ৰজনে ৷ স্কুলৰ পৰা পলায়ন কৰি জে’ললৈ যাবলৈ পৰিকল্পনা কৰি তেওঁ ডিঙি চেঁপি হত্যা কৰে নিজ বন্ধুক ৷
মউছুৰী থানাৰ অন্তৰ্গত নানকাগড়ীৰ ৰাজমিস্ত্ৰী বিনোদৰ পুত্ৰ ১৩ বছৰীয়া নীৰজ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু দশম শ্ৰেণীত পঢ়া ১৬বছৰীয়া কিশোৰজন আছিল তেওঁৰ বন্ধু ৷ ফুৰিবলৈ যোৱাৰ অযুহাতত নীৰজক ডিঙি চেঁপি হত্যা কৰাৰ পিচতে অভিযুক্ত ছাত্ৰজন সেই ঠাইৰ পৰা পলায়ন কৰে ৷ আনহাতে পথচাৰী সকলে নীৰজক শুই থকা অৱস্থাত প্ৰতক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত কিশোৰজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷
আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত দশম শ্ৰেণীৰ ছাত্ৰ গৰাকীক জেৰা আৰম্ভ কৰাৰ পিছতেই পোহৰলৈ আহিল হত্যাকাণ্ডটোৰ প্ৰকৃত তথ্য ৷ ইতিমধ্যে মৃত কিশোৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ছাত্ৰগৰাকীক ৷