ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম নাটকখন কালজয়ী, কাল্পনিক এক অপূৰ্ব সৃষ্টি ৷ ৰূপকোঁৱৰৰ কাল্পনিক নাটকতো চৰিত্ৰ সৃষ্টি তুলনাবিহীন ৷ নাট খনত সংলাপৰ শব্দ,ভাষা হৃদয় চুই যোৱা ৷ নাটকত থাকিবলগীয়া সকলো ৰসেই যেন ৰূপালীমত আছে ৷ নাৰী শক্তিৰ সাহসিকতাৰ যি প্ৰক্ষেপ এক অপূৰ্ব সৃষ্টি । অসমৰ পূৱ প্ৰান্তৰ পৰ্বতীয়া সভ্য বৌদ্ধ জাতিৰ বসতিস্থল ’ৰূকমী গাঁৱ’ৰ জনজাতীয় সমাজ এখনক অাধাৰ হিচাপে লৈছে ৰূপকোঁৱৰে৷ ইমান বছৰ আগতে ৰচনা কৰা নাটখন এতিয়াও সমানেই প্ৰাসংগিক ৷ তেনে এখন নাট সফল ভাৱে মঞ্চায়ন কৰাটো কঠিন।
সেই কঠিন কাম সফলতাৰে মঞ্চায়ণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে পৰিচালক অবিনাশ শৰ্মাই। যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক “ৰূপালীম” সংগীত নাটক অকাডেমি বঁটা প্ৰাপ্ত তথা অসমৰ নাট্য জগতৰ পুৰোধা ব্যক্তি অবিনাশ শৰ্মাৰ পৰিচালনাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ দ্বাৰা সংগীত নাটক অকাডেমীৰ মেঘদুত থিয়েটাৰ কমপ্লেক্সত সফলতাৰে মঞ্চস্থ হয়। সংগীত নাটক অকাডেমী, দিল্লীত নাট খন অসমীয়া ভাষাত পৰিৱেশিত হয় যদিওঁ নাটৰ প্ৰতিটো দৃশ্যৰ অভিনয় শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। সকলোকে নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে। কালজয়ী নাট “ৰূপালীম”ৰ নাট্যকাৰ ৰূপকোঁৱৰৰ সংলাপত শব্দৰ অভিনৱ সংযোজনে নাটকখনক নান্দনিক ৰূপ দিছে ৷ প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷ হাস্যৰসৰ পয়োভৰেও নাটকৰ সোৱাদ দিছে ৷ এটা শব্দও অলাগতীয়াল, অপ্ৰয়োজনত সংলাপত সংযোজন কৰা নাই ৷
ৰূপালীম নাটকখনৰ মূল চৰিত্ৰ “ৰূপালীম”ৰ চৰিত্ৰত প্রতিক্ষ্যা বৰুৱাৰ অভিনয় প্ৰতিভা শলাগিবলগীয়া ৷ কোনো ধৰনৰ জড়তা নাছিল। প্ৰতিটো দৃশ্যত সুন্দৰ ভাৱে অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে। নাৰীৰ শক্তি সুন্দৰ ভাবে প্ৰতিফলিত কৰিছে। মায়াব’ৰ চৰিত্ৰত মুকুট নাথ, ইতিভেনৰ চৰিত্ৰত সংগীতা ডেকা, মণিমুগ্ধৰ চৰিত্ৰত মন্তু গগৈ, ৰুকমীৰজাৰ চৰিত্ৰত ৰঞ্জন শৰ্মা,জুনাফাৰ চৰিত্ৰত নৱজ্যোতি কোৱৰ, ৰেণথিয়াঙৰ চৰিত্ৰত বিজিত কুমাৰ দাসৰ, বিষয়াৰ চৰিত্ৰত অভিনয় কৰা গৌতম কুমাৰ দাসৰ অভিনয় আছিল নিখুত আৰু হৃদয়স্পৰ্শী ৷ ৰুকমীৰজাৰ সুন্দৰ অভিনয়ৰ জৰিয়তে ৰঞ্জন শৰ্মাই দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সম্পূৰ্ণ সমৰ্থ হৈছে ৷ অন্যান্য চৰিত্ৰত বিনোদ দাস, বিপ্লৱ তান্তি, গোকুল বসুমতাৰী, ধ্ৰুৱ দত্ত, মুণ কুমাৰ শইকীয়া, প্ৰাঞ্জিত প্ৰতীম কলিতা, গীতাঞ্জলি ৰয়, বৰ্ণালী বড়ো, ৰুক্সনা হুছেইন, পেৰণা চলিহা আৰু তেজাশিতা দাস অভিনয়ো আছিল সুন্দৰ ৷ অবিনাশ শৰ্মাৰ পৰিচালনাত সংগীতত সহায় কৰিছে মন্দীপ মহন্তই ৷ দৃশ্য সজ্জা আৰু মঞ্চ সজ্জাত বিকুল বড়ো, উমাকান্ত সোণোৱাল ৷ পোহৰ দিম্পল দাস, ৰূপসজ্জা চিন্ময় বৰা, সাজসজ্জা ৰনি দত্ত বৰুৱা, শব্দ মানস কুমাৰ দাস।
নাটৰ নিখুত মঞ্চ সজ্জা আৰু পোহৰ নিক্ষেপ, সাজ-সজ্জা, শব্দ আৰু ৰূপ-সজ্জা শিল্পই নাট্যৰসিকে কোনো খুত উলিয়াবলৈ সুযোগেই নাপালে ৷ নাটত পোহৰৰ লুকাভাকুৰ যাদুৱে দৰ্শকক যেন এক মায়াবী পৃথিবীত প্ৰায় দুঘণ্টা সময় বিচৰণ কৰাই ফুৰালে ৷ সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। জ্যোতিপ্ৰসাদৰ চিনেমেটিক নাটকৰ সফল মঞ্চায়নে দিল্লীৰ সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক অবিনাশ শৰ্মাৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। অবিনাশ শৰ্মাৰ এই নাট্য যাত্ৰা অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা তথা অসমৰ নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো ।