প্ৰয়াত ‘মুলান’ খ্যাত গায়িক কোকো লীৰ মৃত্যু ঘটিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ। কণ্ঠশিল্পীগৰাকীয়ে দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল বুলি দাবী কৰিছে তেওঁৰ দুগৰাকী ভগ্নীয়ে। তেওঁৰ বহু হিট গীত থকাৰ পিছতো হতাশাৰ বাবেই তেওঁক হেৰুৱাই পেলালে অনুৰাগীয়ে । যোৱা সপ্তাহত তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কোকো এসপ্তাহ ধৰি ক’মাত আছিল। তেওঁৰ দুগৰাকী ভগ্নী কেৰল আৰু নেন্সি লীয়ে এই কথা প্ৰকাশ কৰিছে ।
কেৰ’ল আৰু নেন্সীয়ে ছ’চিয়েল মিডিয়াত গায়িকাগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে। ২০২৩ চনত তেওঁৰ সংগীত জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ হ’লহেঁতেন। তেওঁলোকে লিখিছে, “কোকোৱে চীনা সংগীতক পৃথিৱীৰ আন এটা স্তৰলৈ লৈ গ’ল। কোকোক লৈ আমি গৌৰৱান্বিত। তেওঁৰ বহু বঁটা আৰু উপাধি আছে। চীনা গীত আৰু সংগীতক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ অনাৰ আঁৰত কোকোৰ নিস্বাৰ্থ অৱদান উল্লেখনীয় ।“
হংকঙত জন্মগ্ৰহণ কৰিছিল যদিও আমেৰিকাততেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ ছান ফ্ৰান্সিস্কোত অধ্যয়ন সম্পূৰ্ণ কৰে। ইয়াৰ পিছত হংকঙত এখন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হয়। ১৯৯৪ চনত তেওঁৰ প্ৰথম গীতৰ এলবাম মুক্তি পায়।