বাংলাদেশত আবদ্ধ ভাৰতীয় জাহাজ ৷ ধুবুৰীৰ পৰা যোৱা ‘লালবাহাদুৰ শাস্ত্ৰী’ নামৰ জাহাজখন নাবিক আৰু ছয় গৰাকী কৰ্মচাৰী সহ আবদ্ধ বাংলাদেশৰ চিলখানা বন্দৰত ৷ ধুবুৰীৰ জাহাজঘাটত বাংলাদেশৰ ব্যক্তিক প্ৰহাৰক লৈ উত্তেজনা সৃষ্টি হোৱাৰ পিছতে সংঘটিত হৈছে এই ঘটনা ৷বাংলাদেশৰ চিলখানা বন্দৰত আবদ্ধ হৈ আছে ভাৰতৰ জাহাজখন ৷ধুবুৰী জাহাজ ঘাটৰ শিল ৰপ্তানি চিণ্ডিকেট চক্ৰৰ মূল কাণ্ডাৰী সুৰেন্দ্ৰ চৌধুৰী আৰু ৰাজা ঘোষে প্ৰহাৰ কৰিছিল বাংলাদেশৰ বিধান চন্দ্ৰ ৰায় নামৰ এজন যুৱকক ৷ সেই ঘটনাৰ পিছতেই সম্পৰ্কত ফাট মেলিছে এতিয়া ভাৰত আৰু বাংলাদেশৰ ৷