পৰম্পৰা ভংগ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰএছএছ)-এ বুধবাৰে বিজয়দশমী উৎসৱলৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনালে এগৰাকী মহিলাক ৷ আৰএছএছৰ বিজয়া দশমী মহোৎসৱত প্ৰথমবাৰৰ বাবে অতিথি হিচাপে উপস্থিত থাকে পর্বতাৰোহী সন্তোষ যাদৱ ৷ এই বিজয়া দশমী কার্যসূচী উদ্বোধন কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ৷এই উপলক্ষে তেওঁ ‘অস্ত্ৰ পূজা’ও সম্পন্ন কৰে।দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে সন্তোষ যাদৱে।
এই উপলক্ষে ভাষণ দি ভাগৱতে জনসংখ্যা নিয়ন্ত্ৰণ নীতি বলবৎ কৰাৰ লগতে ইয়াক সকলোৰে ক্ষেত্ৰত সমানে প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয়-“এয়া সঁচা যে জনসংখ্যা যিমানেই বেছি হ’ব সিমানেই বোজা বাঢ়িব। জনসংখ্যাৰ সঠিক ব্যৱহাৰ হ’লে ই এক সম্পদ হৈ পৰে। ৫০ বছৰৰ পিছত আমাৰ দেশে কিমান মানুহক খুৱাব আৰু সহায় কৰিব পাৰে, সেইটোও আমি বিবেচনা কৰিব লাগিব। জনসংখ্যাৰ ভাৰসাম্যহীনতাই পৰিৱৰ্তন ঘটায় ৷ জনসংখ্যা নিয়ন্ত্ৰণ আৰু ধৰ্মভিত্তিক জনসংখ্যাৰ ভাৰসাম্য এটা গুৰুত্বপূৰ্ণ বিষয় যিটো আৰু আওকাণ কৰিব নোৱাৰি ৷ গতিকে এটা জনসংখ্যা নীতি আনিব লাগে আৰু সকলোৰে বাবে সমানে প্ৰযোজ্য হ’ব লাগে ৷” ভাগৱতেও সকলো ঠাইতে মহিলাক সমান অধিকাৰ দিয়াৰ পোষকতা কৰে।
ভাগৱতে কয় –”এগৰাকী নাৰীক মাতৃ বুলি গণ্য কৰাটো ভাল, কিন্তু বন্ধ দুৱাৰত সীমাবদ্ধ কৰি ৰখাটো ভাল নহয়। সকলোতে সিদ্ধান্ত ল’বলৈ নাৰীক সমান অধিকাৰ দিয়াৰ প্ৰয়োজন আছে। মাতৃশক্তিয়ে কৰিব পৰা সকলো কাম পুৰুষে কৰিব নোৱাৰে ৷ সেয়েহে তেওঁলোকক শক্তিশালী কৰা আৰু কাম কৰাৰ স্বাধীনতা দিয়া তথা কামত সমান অংশগ্ৰহণৰ সুযোগ দিয়াটো গুৰুত্বপূৰ্ণ।’
শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ভাগৱতে কয় যে ভাষা হিচাপে ইংৰাজী কেৰিয়াৰ গঢ়িবলৈ প্ৰয়োজনীয় নহয় ৷