এন এচ চি এন -আই এমৰ দ্বাৰা সুকীয়াকৈ নিজা পতাকা আৰু সংবিধান দাবী কৰাৰ বাবে দিল্লীত কেন্দ্রীয় চৰকাৰৰ স’তে হৈ থকা নগা শান্তি আলোচনা স্থবিৰ হৈ পৰিছে।
যোৱা ছয় দশক ধৰি বিভিন্ন সময়ত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা নগা সকলৰ ৰাজনৈতিক আৰু ঐতিহাসিক অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উত্থাপন কৰে এন এচ চি এন-আই এমৰ বিষয়ববীয়া সকলে ।
নগা শান্তি আলোচনাত সেয়েহে তেওঁলোকে নগা সকলৰ সুকীয়া পতাকা আৰু সংবিধানৰ দাবী কৰে আৰু তেওঁলোকৰ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই এই শান্তি আলোচনা ইমানতে স্থবিৰ হৈ পৰে।