উগ্ৰবাদী বিৰোধী অভিযানৰ নামত ১৩ জনকৈ নিৰীহ লোকক আসাম ৰাইফলছৰ জোৱানে গুলীয়াই হত্যা কৰাক লৈ আজিও উত্তপ্ত হৈ আছে নাগালেণ্ডৰ মন জিলা ৷ শনিবাৰে সন্ধিয়া কয়লা খনিত কাম কৰি উভতি অহা শ্ৰমিকক লক্ষ্য কৰি নির্বিচাৰ গুলীচালনা কৰিছিল আসাম ৰাইফলছৰ জোৱানে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ মন জিলাতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ঘটনাত জড়িত থকা জোৱানক শাস্তি প্ৰদানৰ দাবীৰে ৰজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক ৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী লোকসকলে ৷ পৰিস্থিতি অধিক অৱনতি ঘটাত সমগ্ৰ জিলাখনতে বন্ধ কৰি দিয়া হয় ইন্টাৰনেট আৰু মোবাইলে নেটৱর্ক ৷
ঘটনাৰ বিবৰণী অনুসৰি ,শনিবাৰে সন্ধিয়া এখন বলেৰ’ পিক আপ ভানেৰে শ্ৰমিক কেইজন তিৰু নামৰ ঠাইৰ পৰা নিজৰ গাওঁ অ’টিং অভিমুখে আহি আছিল ৷ কয়লা খনিত কাম কৰি উভতি অহা শ্ৰমিক কেইজনে তিৰু আৰু অ’টিঙৰ মাজৰ লংখাওত উপস্থিত হোৱাৰ লগে লগে আসাম ৰাইফলছৰ জোৱানে তেওঁলোকক লক্ষ্য কৰি নির্বিচাৰ গুলীচালনা আৰম্ভ কৰে ৷ এই ঘটনাত ১৩ জন শ্ৰমিক নিহত হয় ৷ গুলীচালনাৰ ফলত আহত হৈছে আন কেইবাজনো লোক৷
এই ঘটনাৰ পাছতে সুৰক্ষা বাহিনীটোৰ বিৰুদ্ধে দাখিল কৰা এখন এজাহাৰত অভিযোগ কৰা হৈছে যে সুৰক্ষা বাহিনীটোৱে ইচ্ছাকৃতভাবে অ’টিঙত সাধাৰণ লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰি হত্যা কৰিছে ৷ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ইতিমধ্যে এই .ঘটনাৰ তদন্তৰ বাবে উচ্চ পর্যায়ৰ বিশেষ তদন্তকাৰী গোট গঠন কৰা বুলিও টুইটযোগে সদৰী কৰিছে গৃহমন্ত্ৰী গৰাকীয়ে ৷ এই ঘটনাত এজন সেনাজোৱানো নিহত হৈছে ৷