নাগালেণ্ডৰ মন্ত্ৰী টেমজেম ইমনা আলোং ছ’চিয়েল মিডিয়াত উত্তৰ পূর্বাঞ্চলৰ জনপ্ৰিয় ব্যক্তিসকলৰ অন্যতম ৷ সঘনাই মন্ত্ৰী গৰাকীয়ে দিয়া ভাষণ ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয় ৷ আনকি নিজেও বিভিন্ন ফটো ভিডিঅ’ আপলোড কৰি জনপ্ৰিয়তা অর্জন কৰি আহিছে মন্ত্ৰী গৰাকীয়ে ৷ বিশেষকৈ এখন সভাত সৰু চকুৰ বাবে দিল্লীৰ লগতে তাজমহল দর্শনৰ সময়ত হোৱা অভিজ্ঞতা বর্ণনা কৰি দিয়া তেওৰ ভাষণ ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ সেইগৰাকী মন্ত্ৰীক দেখিলেই যিকোনো অনুষ্ঠানতে তেওঁৰ সৈতে ফটো উঠিবলৈ বহু লোকে হেতা ওপৰা লগোৱা পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত লোকমন্থন কার্যসূচীত অংশগ্ৰহণৰ সময়তে বহু অনুৰাগীয়ে ঘেৰি ধৰি ফটো উঠিবলৈ আগ্ৰহ কৰাৰ পাছতে পুনৰ চচিয়েল মিডিয়াত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে এনেদৰে চেলফি ল’বলৈ হেতা ওপৰা কৰিলে তেওঁ নিজকে চিলেব্ৰিটিৰ দৰে অনুভৱ কৰে ৷
মন্ত্ৰীগৰাকীয়ে অনুৰাগীৰ সৈতে এখন ফটো আপলোড কৰি লিখিছে – ‘যেতিয়া আপুনি মৰমলগা আৰু অকলশৰীয়া হৈ থাকে তেতিয়া আপুনি সকলোতে অনুৰাগীৰ আকৰ্ষণ লাভ কৰে।এজন চেলিব্ৰিটিৰ দৰে অনুভৱ কৰায়।“
তেওঁৰ পোষ্টটোত দিয়া মন্তব্যবোৰো সমানেই আকর্ষণীয় আছিল।এজনে লিখিছে -“আপুনি কেৱল মৰমলগা আৰু অকলশৰীয়াই নহয়, আপুনি এজন ৰকষ্টাৰ! আপুনি নিশ্চিতভাৱে এজন চেলিব্ৰিটি ৷ “
চলিত মাহৰ আৰম্ভণিতে ৰাজধানী এক্সপ্ৰেছত গুৱাহাটীৰ পৰা ডিমাপুৰলৈ কৰা যাত্ৰাৰ আভাস শ্বেয়াৰ কৰি তেওঁ ইণ্টাৰনেট ব্যৱহাৰকাৰীক নষ্টালজিক কৰি পেলাইছিল। ইমনা আলোঙৰ পোষ্টটোত ৰেলত পৰিবেশন কৰা খাদ্যৰ বিষয়ে উল্লেখ কৰা হৈছিল। ছবিখনত দেখা গৈছিল ৰুটি, ভাত, দাইল, তৰকাৰী আৰু এটা অমলেট। তেওঁ লিখিছিল -“জীৱন এটা যাত্ৰা, ভ্ৰমণ উপভোগ কৰক; খাদ্য জীৱন, কেতিয়াও খাদ্য এৰি নিদিব!”