নাগালেণ্ডৰ মন জিলাৰ দুর্গম অঞ্চলত দুজন অসমৰ দুজন যুৱকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হোৱাৰ উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে নাগালেণ্ড জিলা প্ৰশাসনে ৷মন জিলাৰ উপায়ুক্তই জাৰি কৰা এই নির্দেশনাৰ জৰিয়তে সোণাৰিৰ মাজেৰে নগালেণ্ডৰ বাহনসমূহ যাতায়ত নকৰিবলৈ নির্দেশ দিছে ৷ মন জিলাৰ পৰা সোণাৰি হৈ অসম অথবা নাগালেণ্ডলৈ যাতায়ত নকৰিবলৈ নির্দেশ দিছে বাহনসমূহক ৷ পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত এই নির্দেশ বাহাল থাকিব ৷ মন জিলাৰ উপায়ুক্ত অজিৎ কুমাৰ বার্মাই এই নির্দেশ প্ৰদান কৰিছে ।
উল্লেখ্য যে মন জিলালৈ সামগ্ৰী দিবলৈ গৈ প্ৰাণ হেৰুৱাইছিল সোণাৰিৰ দুই যুৱকে ৷ৰহস্যজনক অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ যুৱক দুজনক হত্যা কৰি কোনো লোকে পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে ৷ অৱশ্যে মন জিলাৰ আৰক্ষীয়ে এই ঘটনাক দুর্ঘটনা বুলি অভিহিত কৰিছে ৷