নগাঁও মহাবিদ্যালয় এতিয়াৰে পৰা হ’ব নগাঁও বিশ্ববিদ্যালয় ৷ এই সন্দর্ভত জাৰি কৰা হৈছে অধিসূচনা ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে বিধানসভাত উত্থাপন কৰা হৈছিল নগাঁও বিশ্ববিদ্যালয় বিধেয়ক।
বিধানসভাত এই বিধেয়ক গৃহীত হোৱাৰ পাছত বিধেয়কখন অনুমোদনৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছিল। যোৱা ২২ নবেম্বৰ ২৩ত বিধেয়কখনত ৰাজ্যপালে স্বাক্ষৰ কৰাত নগাঁও বিশ্ববিদ্যালয় বিধেয়কখন আইনত পৰিণত হয় ৷
এই আইনখন যোৱা ৪ ডিচেম্বৰত অসম ৰাজপত্ৰত প্ৰকাশ কৰে ৰাজ্য চৰকাৰে। নগাঁও বিশ্ববিদ্যালয় আইন,২০২৩ৰ অধীনত আনুষ্ঠানিকভাৱে নগাঁও বিশ্ববিদ্যালয় আৰম্ভ হ’ব। বিশ্ববিদ্যালয়খনৰ কাম-কাজো অচিৰেই আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ।