নগাঁও চহৰৰ অলিয়ে গলিয়ে পুনৰ নিচাজাতীয় সামগ্ৰীৰ অবাধ বিক্ৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ স্থিতি শূন্য সহনশীলতাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে মঙ্গলবাৰে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ গাঁৱে-ভূঁঞে,নগৰে-চহৰে বসবাস কৰা লাখ লাখ কিশোৰ তথা যুৱক-যুৱতীয়ে ঠাইতে পোৱা অবৈধ ফাৰ্মাচী আৰু পাইকাৰী ঔষধ বিক্ৰী কৰা দোকানৰ পৰা কফ চিৰাপ,নিচাজাতীয় টেবলেট ক্ৰয় কৰি সেৱন কৰাৰ ফলত ধ্বংস গৰাহত পৰাৰ অভিযোগ উত্থাপন হৈছে।
সেয়ে অসম জাতীয়াতবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বৈৰাগীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ চূড়ান্ত হেমাহিৰ বাবে একাংশ ফাৰ্মাচীয়ে অনুজ্ঞাপত্ৰ অবিহনে আৰু কিছুসংখ্যক পাইকাৰী ঔষধ বিক্ৰী কৰা প্ৰতিস্থানে বিভাগীয় গাফিলতিৰ সুযোগলৈ নিচাজাতীয় কফ চিৰাপ,টেবলেট বিক্ৰী কৰিছে ৷ ইয়াৰ ফলত আজিৰ নৱপ্ৰজন্ম ধ্বংসৰ কৱলত ।
ইয়াৰ বাবে দায়ী কোন বুলি সভাপতি আৰু সম্পাদকদ্বয়ে প্ৰশ্নৰ অৱতাৰণা কৰে । পৰিষদৰ তৰফৰ পৰা লগতে তিনিটা দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তক প্ৰদান কৰে । এই বিষয়ত উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰি পৰিষদৰ তৰফৰ পৰা স্থিতি স্পষ্ট কৰি জনোৱা হয় যে নিচাজাতীয় ঔষধ বিক্ৰীৰ লগতে সৰবৰাহ কৰা এজেঞ্চিৰ অনুজ্ঞাপত্ৰ পুনৰীক্ষণ কৰাৰ লগতে জিলা ঔষধ পৰিদৰ্শকে অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীত তালাচী চলাই আৰু পাইকাৰী ঔষধ বিক্ৰী প্ৰতিষ্ঠানৰ বিক্ৰীৰ ক্ষেত্ৰত থকা আইন কঠোৰভাবে প্ৰণয়ন কৰক ।
অন্যথা পৰিষদৰ তৰফৰ পৰা বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ল’ব বুলি অৱগত কৰিছে । উল্লেখ্য যে নগাঁৱৰ মৰিকলং আৰক্ষী পহৰা চকীৰ দ্বাৰা বহুসংখ্যক কফ চিৰাপ জব্দ কৰিছে । এই বিষয়ত জড়িত সংশ্লিষ্ট পাইকাৰী ঔষধ বিক্ৰী কৰা প্ৰতিস্থানখন শীঘ্ৰে বন্ধ কৰি দিবলৈ জিলা প্ৰশাসনক পৰিষদে দাবী জনায় ৷ উল্লেখ্য যে আজিৰ স্মাৰকপত্ৰ প্ৰদানৰ সময়ত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দিপমনি বড়াৰ লগতে প্ৰৱাল শৰ্মা আৰু দিপু শইকীয়া উপস্থিত থাকে ।