দুৰ্নীতিগ্ৰস্ত এচাম বন বিষয়াৰ ছত্ৰছায়াত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনত চলিছে অবাধ বনধ্বংস। দুষ্প্ৰাপ্য দেওহাঁহৰ অবাধ বিচৰণ ভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনজ সম্পদ সমূহৰ বাবে ভাবুকি হৈ পৰা অগণন ট্ৰাক,ডাম্পাৰ আৰু ট্ৰেক্টৰেৰে লক্ষ লক্ষ টকাৰ শিল বালি প্ৰতিদিনেই চোৰাংভাৱে সৰবৰাহ হৈ আছে।
কিছুদিন ধৰি এক অসাধু চক্ৰই পুৱাৰ পৰা গধূলি লৈকে বৃহৎ শব্দ কৰি এক্সকেভেটৰেৰে খননকাৰ্য চলাই মুকলি ভাৱে শতাধিক ট্ৰেক্টৰেৰে বালি সৰবৰাহ কৰি ভাবুকি নমাই আনিছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।
চোৰাং ব্যৱসায়ীয়ে নিজৰ ইচ্ছা অনুসৰি উদ্যানখনত বহুদিনৰ পৰাই বাধাহীন ভাৱে বন ধ্বংস কাৰ্য্য চলাই গৈছে। চোৰাং ব’ল্ডাৰভৰ্তি ট্ৰাক আৰু ডাম্পাৰবোৰ দেখিও কিয় জব্দ নকৰে সেয়াই বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।