১১অক্টোবৰৰ পৰা ক’ভিডৰ সকলো নীতি নিয়ম মানি যোৱা মে’ মাহৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ থকা ৰাষ্ট্ৰীয় উদ্যান খন মুকলি কৰি দিয়া হয়। বৰ্তমান ক’ভিডৰ ভয়াবহতা কিছু হ্ৰাস হোৱাৰ কথা লক্ষ্য কৰি সকলো দেশী বিদেশী পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খন সম্পূৰ্ণৰূপে মুকলি কৰা হৈছে। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা জীয়াভৰলী নদীত বাৰিষাৰ বানত উটি অহা বিভিন্ন প্লাষ্টিককে আদি কৰি আবৰ্জনাবোৰে উদ্যান খনৰ বালিচৰত জমা হৈ থকাৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই স্থানীয় ৰাইজ আৰু পৰ্যটন সমন্বয় ৰক্ষী সকলৰ সহযোগিতাত পৰিস্কাৰ কৰি উদ্যান খন জীৱকূলৰ লগতে নৌকাবিহাৰৰ কাৰণে সূচল কৰি তোলে। আনহাতে পৰ্যটকৰ সুবিধা হোৱাকৈ আৰু নামেৰীৰ নৈসৰ্গিক সৌন্দর্য উপভোগ কৰিব পৰাকৈ তথা বন্য জীৱসমূহ চাব পৰাকৈ ৫ কিলোমিটাৰ জুৰি থকা ট্ৰেকিঙৰ পথটোও উদ্যান কৰ্তৃপক্ষই সাজু কৰি তোলে।
ৰাজ্যিক পক্ষী দেওহাঁহৰ বিচৰণ ভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান পক্ষী নিৰীক্ষণৰ বাবেও আকৰ্ষণৰ কেন্দ্র বিন্দু। এইবাৰ নামেৰীলৈ নৌকাবিহাৰ, ট্ৰেকিং নাইবা পক্ষী নিৰীক্ষণৰ বাবে অহা প্ৰতিজন পৰ্যটকে ক’ভিড১৯ প্ৰতিৰোধী চিটা লোৱা বাধ্যতামূলক হোৱাৰ লগতে পৰিভ্ৰমণ কালত চেনিটাইজাৰ ব্যৱহাৰ আৰু মাক্স পৰিধান কৰাটোও হ’ব বাধ্যতামূলক।
ৰাফ্টিং নাইবা ট্ৰেকিঙৰ সময়ত জীয়াভৰলী নদী পাৰ হওঁতে লাইফ জেকেট পৰিধান কৰাৰ ক্ষেত্ৰতো সম্পূর্ণ বাধ্যবাধকতা থাকিব অৰ্থাৎ লাইফ জেকেট পৰিধান নকৰাকৈ জীয়াভৰলী নদীৰ ওপৰেদি কোনেও ৰাফ্টিং নাইবা ট্ৰেকিং কৰিব নোৱাৰিব।