ধেমাজিৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পিছত অৱশেষত আৰক্ষীয়ে হত্যাকাণ্ডৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে।
ৰিন্টু শৰ্মাৰ দ্বাৰা সংঘটিত হোৱা এই জঘন্য হত্যাকাণ্ডৰ ৩৬ দিনৰ অন্তত ধেমাজি আৰক্ষীয়ে সোমবাৰে ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰি অভিযুক্তৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে।
সেই অনুসৰি হত্যাকাৰী ৰিন্টু শৰ্মাৰ ওপৰত আইপিচিৰ ৩৪২/৩২৪/৩০৭/৩০২ ধাৰা জাৰি কৰা হৈছে।ৰিন্টু শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এই চাৰ্জশ্বীটত প্ৰায় ১৪ জনৰো অধিক লোকে স্বাক্ষৰ কৰিছে।
যোৱা ২১ আগষ্টত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ড।মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া আৰু বান্ধৱী কাশ্মীৰী দত্তই ঘৰলৈ উভতি যোৱা সময়তে মহাবিদ্যালয়খনৰ পুথিভঁৰাল সহায়ক ৰিন্টু শৰ্মাই ধেমাজি বাছ আস্থানৰ সমীপত উপৰ্যুপৰি দাৰে আঘাত কৰিছিল ছাত্ৰী গৰাকীক।
এই আক্ৰমণত কাশ্মীৰী দত্তৰ লগতে তেওঁৰ পিতৃও আঘাত প্ৰাপ্ত হৈছিল। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা নন্দিতা শইকীয়াই মৃত্যুৰে সৈতে যুজঁ দি অৱশেষত ২৫ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিছিল।
এই ভয়ংকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দল-সংগঠনে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰী ৰিন্টু শৰ্মাৰ কঠোৰ শাস্তিৰ দাবী তুলিছিল।
অৱশেষত ৩৬ দিনৰ এক দীঘল পৰিক্ৰমাৰ অন্তত ধেমাজি আৰক্ষীয়ে হত্যাকাৰী ৰিন্টু শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হ’ল। হত্যাকাৰী ৰিন্টু শৰ্মাৰ যাতে ফাঁচি হয় তাৰবাবে ১৪ জন লোকে সাক্ষ্য প্ৰদান কৰিছে।
উল্লেখযোগ্য যে ৰাজ্য কপোৱা এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলিব বুলি জানিব পৰা গৈছে।