আজি ৪ বহাগ। সাত বিহুৰ পঞ্চম দিন ৷ আজি পৰম্পৰা অনুসৰি ৰাজ্যজুৰি পালন কৰা হয় নাঙল বিহু ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰম্পৰা ৰক্ষা কৰি উলহ-মালহেৰে নাঙলৰ বিহু পালন কৰা হৈছে ৷ বিশেষকৈ চহা কৃষিজীৱি সকলে এই বিহু পালন কৰে ৷
আন বিহুৰ দৰে নাঙল বিহুৰ আছে বিশেষ তাৎপৰ্য ৷ ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে নাঙল বিহুত ৷ নাঙল, যুঁৱলি, জাপি, মৈ আদি কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই চহা অসমীয়াই ৷
উল্লেখ্য যে কৃষি প্ৰধান আসমীয়া ৰাইজে অতীজৰ পৰা গৰুৰ লগতে পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰি আহিছে ৷ কৃষিৰ উৎপাদনকাৰী মূল সম্পদ নাঙল অসমৰ খেতিয়কৰ বাবে অতি আদৰৰ।সেয়েহে আজিৰ দিনটো নাঙলৰ বিহু হিচাপে পালন কৰা হয়।