চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ শোকাৱহ মৃত্যুৰ পাছত কেন্দ্ৰই পুনৰ পুৰণি ব্যবস্থা বাহাল ৰাখি চীফ অৱ ষ্টাফ কমিটীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী মনোজ মুকুন্দ নাৰাৱানেক ৷ আজি নাৰাৱানেই নতুন দায়িত্ব গ্ৰহণ কৰে ৷ চীফ অৱ ডিফেন্স ষ্টাফৰ পদ সৃ্ষ্টিৰ পূর্বে চীফ অৱ ষ্টাফ কমিটীৰ ব্যৱস্থা আছিল ৷ এই ব্যৱস্থা অনুসৰি আটাইতকৈ জ্যেষ্ঠ চীফ গৰাকীয়ে চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে ৷ চীফ অৱ ষ্টাফ কমিটীৰ অধ্যক্ষই দেশৰ তিনিও্টা বাহিনী ক্ৰমে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মাজত সমন্বয়ৰক্ষীৰ কাম কৰি আহিছে ৷ যোৱা ৮ ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাট আৰ তেওঁৰ পত্নীৰ লগতে ১১ গৰাকী জোৱানৰ মৃত্যুৰ পাছত পুৰণি ব্যৱস্থা কার্যকৰী কৰা হৈছে ৷