দুদিনীয়া ভ্ৰমণসূচীৰে আজি জাপানত উপস্থিত হ’লগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে জাপানলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী গৰাকী ৷
ভাৰত,অষ্ট্ৰেলীয়া ,জাপান আৰু আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ উপস্থিতিত আজিৰ পৰা জাপানত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হ’ব কোৱাড সন্মিলন ৷ কোৱাড সদস্য ৰাষ্ট্ৰ সমূহৰ মাজত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে অনুষ্ঠিত কৰা হৈছে এই সন্মিলন৷
জাপান ভ্ৰমণৰ এই সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা,অষ্ট্ৰেলিয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী এলবানেছে আৰু জাপানৰ শীৰ্ষ উদ্যোগপতিৰ সৈতে আলোচনাত মিলিত হ’ব ৷ আনহাতে আজি প্ৰবাসী ভাৰতীয় সকলৰ সৈতেও মিলিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী ৷ জানিব পৰা মতে আজি সন্ধিয়া ৭.৩০বজাত জাপানত বসবাস কৰা প্ৰবাসী ভাৰতীয় সকলৰ সৈতে মত বিনিময় কৰিব তেওঁ ৷