সমগ্ৰ ভাৰতবাসীৰ বাবে এক সু খবৰ ৷অজি ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ সৰ্বোচ্চ সন্মান ‘নগদগ পেল জী খোৰলো’ৰে সন্মানিত কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় ৷
ভূটানৰ প্ৰধানমন্ত্ৰী ল’টেয় চেৰিঙে সামাজিক মাধ্যম যোগে কয় যে , ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নগদগ পেল জী খোৰলো’ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱাৰ বাতৰিয়ে তেওঁক অতিশয় আনন্দিত কৰিছে লগতে তেওঁ কয় যে নৰেন্দ্ৰ মোদীয়ে বিনা চৰ্তত বন্ধুত্ব পালন কৰি আহিছে ৷ বিশেষকৈ মহামাৰীৰ এই ভয়বহ সময়ছোৱাত তেওঁ ভূটানলৈ যথেষ্ট সহায় আগবঢ়াইছে৷
ফেচবুকৰ জৰিয়তে ভূটানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এক ভিডিও বাৰ্তা যোগে কয় যে, ‘নৰেন্দ্ৰ মোদী প্ৰতিটো দিশৰ পৰাই সন্মানৰ অধিকাৰী ৷ সমূহ ভূটানবাসীৰ তৰফৰ পৰা নৰেন্দ্ৰ মোদীক অভিনন্দন তেওঁ কয় যে প্ৰতিটো সাক্ষাততেই ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকীৰ মহান ব্যক্তিত্বই তেওঁলোকক আকৰ্ষিত কৰিছে লগতে আকৰ্ষণ কৰিছে তেওঁৰ আধ্যাত্মিকতায়ো৷
ভাৰতৰ চুবুৰীয়া মিত্ৰ-ৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী ল’টেয় চেৰিঙে ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ আজিৰ এই শুভ মূহুৰ্তত দেশবাসীকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে