সোমবাৰে ভাৰতৰ ৰেল মেপত প্ৰৱেশ কৰিলে ছিকিমে ৷ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ৰাজ্যখনত প্ৰথমটো ৰেল ষ্টেচনৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছিকিমত ৰংপো ষ্টেচনৰ আধাৰশিলা স্থাপন কৰা হ’ব। ইতিমধ্যে বংগ ছেৱাকৰ পৰা ৰংপোলৈ ৰেলৱে সুৰংগ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। একেদৰে নাথু লালৈকে সুৰংগ নিৰ্মাণ কৰা হ’ব। দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত মোদী চৰকাৰে উত্তৰ-পূব ভাৰতৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰে। ২০২২ চনৰ বাজেটত কেন্দ্ৰই ছিকিমৰ ৰে’ল প্ৰকল্পৰ বাবে আঢ়ৈ হাজাৰ কোটি টকা আবণ্টন দিছে। ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথত থাকিব ৫টা ষ্টেচন।
ৰেলৱেই জনোৱা মতে, ৰংপো-গেংটকলৈকে জৰীপৰ কাম সম্পূৰ্ণ হৈছে। নাথু লালৈকে পৰৱৰ্তী পৰ্যায়ৰ জৰীপ অতি সোনকালে আৰম্ভ হ’ব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব দিশলৈ চীন সীমান্তলৈকে পথ আৰু ৰেলপথ সম্প্ৰসাৰণৰ ওপৰত চকু দিছে। সেই কামৰ প্ৰথম পৰ্যায় আছিল সেৱক-ৰংপো ৰেল প্ৰকল্প, যিটো প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও ছেবকেত তীস্তা দলং পুনৰ নিৰ্মাণ আৰু বাগ্ৰাকোটৰ পৰা ছিকিমলৈ নতুন পথ নিৰ্মাণৰ প্ৰকল্পতো কাম চলি আছে। ডোকলামৰ এই পদক্ষেপৰ পিছত হাছিমাৰাত উপস্থিত হয় ৰাফেল যুদ্ধ বিমান। দিল্লীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাটাও বিমানবন্দৰ সম্প্ৰসাৰণৰো লক্ষ্য ৰাখিছে। এই সময়ত নাথু লা পৰ্যন্ত ৰেলপথ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ চিন্তাও আৰম্ভ হৈছে। যিয়ে একে সময়তে সেনা আৰু পৰ্যটকৰ বাবে সুবিধা কঢ়িয়াই আনিব।