অৱশেষত লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল কাউন্সিলে অনুমোদন জনালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি কয় যে লখিমপুৰ মেডিকেল কলেজ ৰাজ্যৰ অষ্টম খন মেডিকেল কলেজ হ’ব।
MBBS পাঠ্যক্ৰমৰ বাবে ১০০ খন আসন যুক্ত লখিমপুৰ মেডিকেল কলেজক অন্তৰ্ভুক্ত কৰিলে অসমত MBBS পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা ১১০০ লৈ বৃদ্ধি পাব। অৰ্থাৎ কেইবছৰমানৰ পিছৰে পৰা আমি প্ৰতি বছৰে ১১০০ চিকিৎসক লাভ কৰিম। অসমবাসীৰ বাবে এয়া এক সুখবৰ।