VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উদ্‌যাপন

voicedesk by voicedesk
January 25, 2022
in মুখ্য সংবাদ
কামৰূপ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উদ্‌যাপন
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

কামৰূপ, আমিনগাঁও ২৫ জানুৱাৰীঃ ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপ জিলাতো আজি দ্বাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদ্‌যাপন কৰা হয়৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষকৈ নতুন ভোটাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে যোৱা ২০১১ বৰ্ষৰ পৰা পালন কৰি অহা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ এইবাৰৰ মূল বাণী হ’ল ‘নিৰ্বাচনক অন্তৰ্ভুক্তিমূলক, সহজলভ্য আৰু অংশগ্ৰহণমূলক কৰা’৷

আজি কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ৰ সভাপতিত্বত আয়োজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এই বাণী সন্দৰ্ভত মূল বক্তব্য প্ৰদান কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মানস প্ৰতীম বৰুৱাই৷ ভাষণ প্ৰসংগত শ্ৰীবৰুৱাই নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈ এই বাসত্তৰ বছৰীয়া পৰিক্ৰমাৰ বিষয়ে বিশদভাৱে অৱলোকন কৰে৷ তেওঁ কয় যে¸ মুখ্য নিৰ্বাচন আয়ুক্ত টি এন চেছানৰ কাৰ্যকালত ভাৰতৰ নিৰ্বাচন আয়োগে জনমানসত বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেওঁ লগতে কয় যে দেশৰ যুৱ প্ৰজন্মই সন্মিলিত প্ৰচেষ্টাৰে আৰু সঠিক দিশেৰে আগবাঢ়ি আহিলে যিকোনো ক্ষেত্ৰতে ভবা ধৰণে ৰূপান্তৰ ঘটাবলৈ সক্ষম হ’ব৷ সেয়ে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি দেশৰ উন্নয়নত অৰিহনা যোগাবৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আহ্বান জনায়৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’য়ে কয় যে নিৰ্বাচন স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ এই সম্পৰ্কে সজাগ কৰাৰ বাবেই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়৷ তেওঁ আৰু কয় যে নাগৰিক হিচাপে অধিকাৰ সাব্যস্ত কৰাৰ লগে লগে কৰ্তব্য পালনতো সকলোৱে গুৰুত্ব দিব লাগে৷ ভোটদানৰ দৰে দেশৰ সামগ্ৰিক উন্নয়নৰ গতিধাৰা নিৰ্দ্ধাৰণ কৰিব পৰা অধিকাৰ তথা সুনাগৰিকৰ কৰ্তব্য পালন কৰাৰ বাবেও বিশেষভাৱে যুৱ প্ৰজন্মৰ প্ৰতি তেওঁ আহ্বান জনায়৷

অনুষ্ঠানত ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতা আৰু ফুটবল প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷ এই সভাতে জিলাখনৰ শ্ৰেষ্ঠ বি এল অ’ দুগৰাকীক বিশেষভাৱে সম্বদ্ধৰ্না জনোৱা হয়৷ আনহাতে জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা মনোনীত কৰা নিৰ্বাচনী এম্বেচাদৰসকলক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আগবঢ়োৱা বিশেষ বেজ প্ৰদান কৰা হয়৷ তদুপৰি অনুষ্ঠানত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰা দুগৰাকী ভোটাৰক ফটোযুক্ত ভোটাৰ পৰিচয়পত্ৰ প্ৰদান কৰা হয়৷

আজিৰ এই দিৱসৰ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়ামঞ্জু ৰাণী ডেকাকে ধৰি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক আৰু নতুন ভোটাৰসকল উপস্থিত থাকে৷

Previous Post

বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

Next Post

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7