গুৱাহাটী, ১২ জানুৱাৰী, ২০২৩ : ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আজি গুৱাহাটী মাছখোৱাস্থিত আই টি এ প্ৰকল্পত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী তথা ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি ‘যুগদৃষ্টি’ শীৰ্ষক এক অনুষ্ঠান আয়োজিত হৈ যায়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, কেবিনেট মন্ত্ৰীত্ৰয় ৰঞ্জিত কুমাৰ দাস, পীযুষ হাজৰীকা , পৰিমল শুক্লবৈদ্য, সাংসদত্ৰয় দিলীপ শইকীয়া, পল্লৱ লোচন দাস আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰভাৰী তথা দলৰ সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শৰ্মাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
অনুষ্ঠানত উপস্থিত থাকি বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, দেশৰ যুৱ শক্তি সবল আৰু সুসংগঠিত হ’লেহে দেশৰ সকলো দিশৰে উন্নয়ন হব। সমাজৰ প্রতিগৰাকী যুৱক-যুৱতীয়ে স্বামী বিবেকানন্দ দেৱৰ দূৰদৰ্শী চিন্তা আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ সমৰ্পিত মনোভাৱেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাটত স্ব-প্ৰতিভা আৰু দায়িত্ববোধেৰে অগ্ৰসৰ হোৱাৰ সময় সমাগত বুলি শ্ৰী কলিতাই মন্তব্য প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় “স্বামী বিবেকানন্দ আছিল ভাৰতীয় নৱজাগৰণৰ প্ৰতিমূৰ্তি যিয়ে বিশ্বক হিন্দু ধৰ্মৰ সাৰমৰ্ম দেখুৱাইছিল। আজিৰ এই পৱিত্ৰ ক্ষণত এইগৰাকী মহান মনীষীৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম মহাসভাত স্বামী বিবেকানন্দৰ ভাষণ আছিল আমাৰ প্ৰজ্ঞাৰ দিশত যাত্ৰাৰ বাবে এক সংজ্ঞায়িত মুহূৰ্ত।”
উক্ত অনুষ্ঠানত সমগ্ৰ অসমৰ নিজ নিজ কৰ্মৰাজি তথা সুপ্ত প্ৰতিভাৰে সাংস্কৃতিক, ক্ৰীড়া,সামাজিক বিভিন্ন ক্ষেত্ৰত সফলতাৰে আৰোহণ কৰা ২১ গৰাকী যুৱ প্ৰতিভাধৰক সম্বৰ্ধনা জনোৱাৰ লগতে অসমৰ ৪০ খন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ নেতাক সন্মানিত কৰা হয়। আজিৰ এই অনুস্থানত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২০০০ যুৱক যুৱতী উপস্থিত আছিল।