থলুৱা প্ৰযুক্তিৰে নিৰ্মিত টৰ্পিডোৱে সাগৰৰ তলত নিখুঁতভাৱে লক্ষ্যত আঘাত কৰে। ফলত ভাৰতীয় নৌসেনাৰ অস্ত্ৰভাণ্ডাৰ শক্তিশালী হৈ উঠিল। মঙলবাৰে নৌসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই টৰ্পিডোৰ পৰীক্ষণ কৰে।
পৰীক্ষা সফল হোৱাৰ পিছত নৌসেনাই টুইট কৰি কয়, ‘আমি আন এক নতুন মাইলৰ খুঁটিত উপনীত হৈছো ৷থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই ‘হেভিৱেট টৰ্পিডো’ই সাগৰৰ তলত লক্ষ্যত নিখুঁতভাৱে আঘাত হানিলে।” একে সময়তে নৌসেনাই কয় যে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই টৰ্পিডোৱে আত্মনিৰ্ভৰশীলতাৰ আন এক উদাহৰণ সৃষ্টি কৰিছে। কেৱল সেয়াই নহয়, এই টৰ্পিডোৱে নৌসেনাৰ অস্ত্ৰভাণ্ডাৰক শক্তিশালী কৰি তুলিলে ৷
শেহতীয়াকৈ এম এইচ-৬০ ৰোমিঅ’ হেলিকপ্টাৰ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। থলুৱাভাৱে নিৰ্মিত যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্তত এই হেলিকপ্টাৰখনে প্ৰথম অৱতৰণ কৰে। ইয়াৰ উপৰিও এই হেলিকপ্টাৰখন আৰব সাগৰৰ কোচি নৌসেনা ঘাটিৰ পৰা আই এন এছ গৰুডাত অৱতৰণ কৰে। এই নতুন হেলিকপ্টাৰ সন্দৰ্ভত নৌসেনাই কয় যে এই হেলিকপ্টাৰখনে ‘চাবমেৰিন বিৰোধী যুদ্ধ’ৰ ক্ষেত্ৰত নৌসেনাৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিছে।
মে’ মাহৰ আৰম্ভণিতে নৌসেনাই সফলতাৰে আন এটা অস্ত্ৰ পৰীক্ষা কৰিছিল। আই এন এছ মাৰ্মাগনৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয় ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ। এইবাৰ নৌসেনাই ‘হেভিৱেট টৰ্পিডো’ৰ পৰীক্ষাতো সফল হয়।