নৌসেনাৰ এখন মিগ-২৯ কে বিমান কাৰিকৰী বিজুতিৰ সৃষ্টি হোৱাৰ ফলত আজি গোৱা উপকূলত নিয়মীয়া অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। নৌসেনাই এক বিবৃতিত জনোৱা মতে, দূর্ঘটনাৰ সময়ত পাইলটজনে নিৰাপদে বিমানখনৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে ৷
বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ২০১৯ চনৰ পিছত মিগ-২৯ কে দূর্ঘটনাত পতিত হোৱা এইটো চতুৰ্থটো দুৰ্ঘটনা ৷ উৰণৰ পাছত বিমান ঘাটিলৈ উভতি অহাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । মিগ ২৯ কে হৈছে বিশ্বৰ আটাইতকৈ অত্যাধুনিক বুলি গণ্য কৰা যুদ্ধ বিমানসমূহৰ অন্যতম ৷
২০২০ চনৰ নৱেম্বৰত মিগ-২৯কে দুৰ্ঘটনাত এজন যুঁজাৰু বিমানৰ পাইলটৰ মৃত্যু হৈছিল।ঘটনাৰ পিছতে এজন পাইলটক উদ্ধাৰ কৰা হৈছিল যদিও দুৰ্ঘটনাৰ ১১ দিন পিছত কমাণ্ডাৰ নিশান্ত সিঙৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
একে বছৰতে ফেব্ৰুৱাৰী মাহত চৰাইৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আন এখন মিগ ২৯কে। ২০১৯ চনৰ নৱেম্বৰ মাহত গোৱাৰ এখন গাঁৱৰ বাহিৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন মিগ-২৯কে প্ৰশিক্ষার্থীৰ বিমান।