ৰাষ্ট্ৰীয় পর্যায়ত অসম তথা উত্তৰ-পূর্বাঞ্চলক লৈ সঘনাই বিভ্ৰান্তিকৰ আৰু ভুল তথ্য প্ৰকাশ কৰাক লৈ সঘনাই বিতর্কৰ সৃষ্টি হৈ আহিছে ৷ পুনৰ এবাৰ অসম সন্দর্ভত এন চি ই আৰ টিৰ দৰে সংস্থাই ভুল তথ্য প্ৰকাশ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এন চি ই আৰ টিৰ পাঠ্যপুথিত প্ৰকাশ পাইছে এই ভুল তথ্য ৷ দেশৰ শক্তিপীঠসমূহৰ অন্যতম কামাখ্যা ধামক লৈ এন চি ই আৰ টিয়ে মাৰাত্মক ভুল তথ্য সন্নিৱিষ্ট কৰিছে পাঠ্যপুথিত ৷ পাঠ্যপুথিখনত কামাখ্য মন্দিৰ শিৱসাগৰত আছে বুলি উল্লেখ কৰা হৈছে ৷ পাঠ্যপুথিখনৰ এটা পৃষ্ঠাত কামাখ্যা মন্দিৰৰ ফটো ছপা কৰি তাৰ তলত ‘মন্দিৰ, শিৱসাগৰ, অসম’ বুলি উল্লেখ কৰা হৈছে ৷
যিসময়ত বিশ্বখ্যাত এই শক্তিপীঠ কামাখ্যা গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত বুলি সকলোৱে জানে, সেই সময়ত এন চি আৰ টিয়ে এনে ভুল তথ্যৰে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে ৷ এন চি ই আৰ টিৰ পাঠ্যপুথিত অসম সন্দর্ভত বিকৃত তথ্য দাঙি ধৰা এয়াই প্ৰথম নহয় ৷ ইয়াৰ পূর্বেও বিভিন্ন সময়ত অসম সন্দর্ভত ভুল তথ্য সন্নিৱিষ্ট কৰি বিতর্কৰ আৱর্তত সোমাই পৰিছিল এন চি ই আৰ টি ৷ এ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা এজন শিক্ষার্থীয়ে এন চি ই আৰ টিৰ পাঠ্যপুথিত কামাখ্যা মন্দিৰ সন্দর্ভত উল্লেখ কৰা ভুল তথ্য ছচিয়েল মিডিয়াৰ জৰিয়তে আঙুলিয়াই দিছে ৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যিসময়ত শিক্ষার্থীক সঠিক তথ্য প্ৰদানেৰে সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে গঢ় দিয়াটো জৰুৰী, সেই সময়ত এনে ভুল তথ্য ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা এন চি ই আৰ টিক সকলোৱে গৰিহণা দিছে ৷