ভাৰতীয় সেনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ)ত ছোৱালীক অন্তৰ্ভুক্ত কৰা হৈছে। ২০২২ চনত ইউ পি এছ চি এন ডি এ পৰীক্ষাত সফলতা লাভ কৰাৰ পিছত এন ডি এৰ মহিলা কেডেটৰ প্ৰথমটো বেটচে বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ লৈ আছে।
কিন্তু এন ডি এৰ প্ৰশিক্ষণলৈ যোৱা প্ৰায় প্ৰতিগৰাকী মহিলা কেডেটেই ক্ৰূ কাট ষ্টাইলত চুলি কটা বাবে কিছু বেলেগ ৰূপত দেখা গৈছে তেওঁলোকক৷ সেয়েহে তেওঁলোকৰ ছবিবোৰ দেখি বিভিন্ন মহলত এই প্ৰশ্ন উত্থাপন হৈছে যে এনে কৰাটো প্ৰয়োজনীয় নেকি? অৱশ্যে এন ডি এ ট্ৰেইনিঙত কেডেটৰ হেয়াৰষ্টাইল সন্দৰ্ভত কি নিয়ম আছে ইয়াৰ উত্তৰ নিজেই দিছে এন ডি এৰ বিষয়াসকলে।
নেশ্যনেল ডিফেন্স একাডেমীৰ চৌহদত প্ৰশিক্ষণ লোৱা এই ছোৱালীবোৰক চুটি, মিলিটাৰী ষ্টাইলৰ চুলি কটা দেখা গৈছে। কিন্তু এন ডি এৰ বিষয়াসকলে জনোৱা অনুসৰি এই শৈলী এই ছোৱালীকেইজনীৰ ব্যক্তিগত পছন্দ। ইয়াৰ বাবে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাই।
চুলি কটাৰ ক্ষেত্ৰত অৱশ্যে বিভিন্ন নেশ্যনেল ডিফেন্স একাডেমীৰ বিভিন্ন নিয়ম আছে।
কি কয়এন ডি এৰ নিয়মে ?
চমাচাৰ নামা নামৰ এটি সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি এন ডি এৰ বিষয়াগৰাকীয়ে কয় যে এন ডি এত ছোৱালীৰ বাবে পছন্দভিত্তিক চুটি চুলিৰ নিয়ম আছে। তেওঁলোকে নিজৰ পছন্দ অনুসৰি চুটি চুলি ৰাখিব পাৰে। কিন্তু এওঁলোকৰ বেছিভাগ কেডেটেই নিজেই ক্ৰূ কাট গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাহিৰেও শিখ কেডেটৰ বাহিৰে সকলোৰে চুলি চুটি হোৱাটো বাধ্যতামূলক। কেৱল শিখ কেডেটসকলেহে দীঘল চুলি (Hair Bun) ৰাখিব পাৰে।
এন ডি এৰ বহু প্ৰশিক্ষণ একাডেমীত নিজৰ পছন্দ অনুসৰি চুলি চুটি বা দীঘল ৰখাৰ স্বাধীনতা আছে, যদিও কিয় বেছিভাগ ছোৱালীয়ে ক্ৰূ কাট হেয়াৰষ্টাইল গ্ৰহণ কৰিছে বুলি কৰা প্ৰশ্ন সন্দৰ্ভত এন ডি এৰ এজন বিষয়াই কয় যে যেতিয়া এজন ব্যক্তিয়ে অতি কঠিন সূচী অনুযায়ী সেনাবাহিনী, নৌসেনা বা বায়ুসেনাত দীৰ্ঘদিন ধৰি প্ৰশিক্ষণ লয়, তেতিয়া চুটি চুলি হ’লে (বিশেষকৈ সামৰিক শৈলী) অতি সহায়ক হয় আৰু লগতে সময় যথেষ্ট ৰাহি হয় । এনে পৰিস্থিতিত চুলি চম্ভালিবলৈ কোনো হেঁচা নাথাকে আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো কিছু সুবিধা হয় ৷