শুকুৰবাৰে আততায়ীৰ গুলীত নিহত হোৱা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় শোক ৷ এই উপলক্ষে শনিবাৰে লালকিল্লা, ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ ভৱনত ৰাষ্ট্ৰীয় ত্ৰিৰংগা অর্ধনমিত কৰা হয় ৷ শুকুৰবাৰে পশ্চিম জাপানৰ নাৰা চহৰত প্ৰচাৰ ভাষণ দি থকাৰ সময়তে আবেক গুলীয়াই হত্যা কৰা হয়।
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবেৰ শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ৯ জুলাইত এদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ কথা ঘোষণা কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰি কয় , “মোৰ এজন প্ৰিয় বন্ধু শ্বিনজো আবেৰ মৰ্মান্তিক মৃত্যুত মই স্তম্ভিত আৰু দুখ পাইছো। তেওঁ আছিল এজন উচ্চ শাৰীৰ ৰাষ্ট্ৰনেতা, এজন অসাধাৰণ নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক। আবেৰ মৃত্যুত জাপান আৰু বিশ্বই এজন মহান দূৰদৰ্শীক হেৰুৱাই পেলাইছে। আৰু মই এজন প্ৰিয় বন্ধুক হেৰুৱাই পেলাইছো।”
ইতিমধ্যে টকিঅ’ৰ বাসগৃলৈ অনা হৈছে আবেৰ নশ্বৰ দেহ ৷ ১২ জুলাইত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷