দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতীয় মুদ্ৰাৰ নোটত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ছবি অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে ৷ নতুন মুদ্ৰাৰ নোটত এফালে মহাত্মা গান্ধীৰ ছবি আৰু আনফালে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ছবি অন্তভুর্ক্ত কৰিবলৈ কেজৰিৱালে আহ্বান জনাইছে ৷ কেজৰিৱালে কয় যে মুদ্ৰাৰ নোটত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ছবি থাকিলে দেশখনক সমৃদ্ধিশালী হোৱাত সহায়ক হ’ব। তেওঁ কয় – “প্ৰয়াস কৰাৰ পিছতো কেতিয়াবা দেৱ-দেৱীয়ে আমাক আশীৰ্বাদ নিদিলে আমাৰ প্ৰচেষ্টাই ফল নিদিয়ে। মই প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনাইছো যে আমাৰ মুদ্ৰাৰ নোটত ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ ফটো থাকিব লাগে।”
কেজৰিৱালে এই সন্দর্ভত মুছলিম ৰাষ্ট্ৰ হোৱা সত্বেও মুদ্ৰাৰ নোটত ভগৱান গণেশৰ ছবি অন্তভুর্ক্ত কৰা ইণ্ডোনেছিয়াৰ উদাহৰণ দাঙি তেওঁ কয় “ ইণ্ডোনেছিয়াই যেতিয়া পাৰে, আমি কিয় নোৱাৰো? ফটোসমূহ নতুননোটত ছপা কৰিব পাৰি।’ ইণ্ডোনেছিয়াৰ ২০ হাজাৰ টকাৰ নোটত ভগৱান গণেশৰ ছবি ছপা কৰা হৈছে। আম আদমী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও সদৰী কৰে ৷
কেজৰিৱালে কয় যে দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টাৰ বাহিৰেও আমাক সৰ্বশক্তিমানৰ আশীৰ্বাদৰ প্ৰয়োজন। আম আদমী পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা আগন্তুক নিৰ্বাচনৰ বিষয়ে সোধাত কেজৰিৱালে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত হ’বলগীয়া নাগৰিক নিৰ্বাচন আৰু গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁৰ দল সম্পূৰ্ণ প্ৰস্তুত।