চলিত বর্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা(নীট )-পিজি পৰীক্ষা পুনৰ পিছুৱাই দিয়া হৈছে ৷ নির্ধাৰিত সময়তকৈ ৬-৮ সপ্তাহ পিছুৱাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷ বিষয়টো উচ্চতম ন্যায়ালয়ত শুনানিৰ আগমূহর্তত এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ নীট -পিজি পৰীক্ষা অহা ১২ মার্চৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু পৰীক্ষা সাময়িক ভাৱে স্থগিত ৰাখিবলৈ একাংশ প্ৰার্থীয়ে বাৰম্বাৰ আবেদন জনোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । ৰাষ্ট্ৰীয় পৰীক্ষা পৰিষদক পৰীক্ষা স্থগিত ৰাখিবলৈ আৰু উল্লেখিত তাৰিখত অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰালয়ে ৷উল্লেখ্য যে আজি এই পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰাৰ অন্তিম দিন আছিল। অৱশ্যে এই ঘোষণাৰ লগে লগে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি বা সলনি কৰাৰ সম্ভাৱনা আছে।