দেশৰ ৭৬তম স্বাধীনতা দিৱস উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰিলে সমগ্ৰ দেশে। আনহাতে ৭৫বছৰীয়া স্বাধীনতা উদযাপনৰ এই শুভ মূহুৰ্ততে দেশৰ স্বাধীনতা সংগ্ৰামী ,বিপ্লৱী বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ চিতাভষ্ম ভাৰতলৈ অনাৰ বাবে ভাৰত চৰকাৰক দাবী জনালে বৰ্তমান জাৰ্মানীত বাস কৰা নেতাজীৰ জীয়ৰী অনিতা বোছ ফাফে ।
এই সন্দৰ্ভত অনিতা বসুৱে কয় যে নেতাজীৰ জীৱনকালত দেশৰ স্বাধীনতাতকৈ একো কথাই গুৰুত্বপূৰ্ণ নাছিল। তেওঁ লগতে কয় যে প্ৰকৃততে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু এক ডাঙৰ ৰহস্য। বহুতে দাবী কৰিছিল যে নেতাজীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তাৰ পিছত তেওঁৰ অৱশেষ জাপানী কৰ্তৃপক্ষই সংগ্ৰহ কৰিছিল আৰু টকিঅ’ৰ ৰেঙ্কোজি মন্দিৰত সংৰক্ষণ কৰিছিল। তেতিয়াৰ পৰা তিনি প্ৰজন্মৰ পুৰোহিতসকলে নেতাজীৰ অৱশেষৰ যত্ন লৈ আছে।
জাৰ্মানীত বাস কৰা নেতাজীৰ ৭৯ বছৰীয়া কন্যা অনিতা বসু
জাৰ্মানীত বাস কৰা নেতাজীৰ ৭৯ বছৰীয়া কন্যা অনিতা বসুৱে দাবী কৰিছে যে জাপানৰ টকিঅ’ৰ এটা মন্দিৰত সংৰক্ষিত নেতাজীৰ অৱশেষৰ ডিএনএ পৰীক্ষাৰ বাবেও তেওঁ সাজু। আনহাতে মন্দিৰৰ পুৰোহিত আৰু জাপান চৰকাৰো সাজু নেতাজীৰ চিতাভষ্ম ভাৰতক হস্তান্তৰ কৰিবলৈ ।
ভাৰতৰ লোকসকলক কি আবেদন জনালে অনিতা বসুৱে ?
অনিতা বসুৱে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ জনসাধাৰণক আবেদন জনাই কয় যে নেতাজীৰ জীৱনত তেওঁৰ দেশৰ স্বাধীনতাতকৈ অধিক গুৰুত্বপূৰ্ণ একো নাছিল। গতিকে এতিয়া তেওঁৰ অৱশেষ ভাৰতলৈ ঘূৰাই অনাৰ সময় আহি পৰিছে । নেতাজীৰ চিতাভস্ম তেওঁৰ মাতৃভূমিলৈ ঘূৰাই অনাৰ বাবে জনসাধাৰণক প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় নেতাজীৰ কন্যাই ।
নেতাজীৰ মৃত্যু এক ডাঙৰ ৰহস্য
দীৰ্ঘদিন ধৰি নেতাজীৰ একমাত্ৰ সন্তান অনিতা বসুৱে কৈ আহিছে যে নেতাজীৰ চিতাভষ্ম ৰেঙ্কোজী মন্দিৰত আছে। নেতাজীৰ কেইবাজনো ভাৰতীয় আত্মীয়ও চৰকাৰক টাইৱানৰ পৰা নেতাজী ক’লৈ গৈছিল জানিবলৈ কেইবাবাৰো অনুৰোধ কৰিছিল।
নেতাজী ব্ৰিটিছৰ সৈতে যুঁজিবলৈ দক্ষিণ পূব এছিয়ালৈ যোৱাৰ সময়ত মাত্ৰ চাৰি মহীয়া আছিল অনিতা
অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা অৰ্থনীতিবিদ অনিতা বোছ ফাফ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ পত্নী এমিলি শ্চেনকলৰ কন্যা। নেতাজী ব্ৰিটিছৰ সৈতে যুঁজিবলৈ জাৰ্মানীৰ পৰা দক্ষিণ পূব এছিয়ালৈ যোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ চাৰি মাহ ।