শেহতীয়াকৈ জানিবলৈ পোৱা মতে ভাৰতত হ্ৰাস পাইছে নেটফ্লিক্স নামৰ অ’ টি টি প্লেটফৰ্মৰ বিভিন্ন প্লেন সমুহৰ মূল্য ৷এতিয়াৰ পৰা গ্ৰাহক সকলে আগতকৈ কম মূল্যত নেটফ্লিক্সৰ সুবিধা সমূহ মোবাইল আৰু কম্পিউটাৰ দুয়োটাৰ যোগে উপভোগ কৰিবলৈ সক্ষম হ’ব৷ ভাৰতৰ এক জনপ্ৰিয় অ’ টি টি প্লেটফৰ্ম নেটফ্লিক্সৰ ক্ৰেতা বৃদ্ধি কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ কাৰণ ভাৰতত জনপ্ৰিয় হোৱা স্বত্বেও নেটফ্লিক্সৰ ক্ৰয় মূল্য অধিক হোৱাৰ বাবেই বৃদ্ধি হোৱা নাই ক্ৰেতাৰ সংখ্যা ৷ সেয়েহে আমেৰিকান কোম্পানীটোৱে শেহতীয়াকৈ ইয়াৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
২০১৯চনৰ জুলাই মাহত ভাৰতত মুকলি কৰা ‘প্ৰতিমাহে ১৯৯ টকা’ৰ নেটফ্লিক্সৰ ‘মোবাইল অন্লি’ প্লেনৰ বৰ্তমান মূল্য হ’লগৈ প্ৰতি মাহত মাত্ৰ ১৪৯টকা ৷ আন এটা ‘এণ্ট্ৰি লেভেল বেচিক প্লেন’ প্ৰতিমাহে ৪৯৯ টকাৰ পৰা হ্ৰাস পাইছে মাত্ৰ ১৯৯টকালৈ যাৰ ফলত সহজেই এতিয়া গ্ৰাহকে ষ্টেণ্ডাৰ্ড ডেফিনেশ্যনত নিজৰ মোবাইল ,টেব বা কম্পিউটাৰত নিজৰ পছন্দৰ চিনেমা বা যিকোনো অনুষ্ঠান উপভোগ কৰিব পাৰিব৷ নেটফ্লিক্সৰ আন বহুকেইটা প্লেন যেনে –প্ৰতিমাহে ৬৪৯ টকাৰ প্লেন হ্ৰাস পাইছে ৪৯৯ টকালৈ আৰু এই প্লেন যোগে গ্ৰাহকে হাই ডেফিনেশ্যনত একে সময়তে দুখনকৈ স্ক্ৰীণত অনুষ্ঠান উপভোগ কৰিব পাৰিব ৷ সমসাময়িক ভাৱে প্ৰতি মাহে ৭৯৯ টকীয়া প্লেনৰ মূল্য হ্ৰাস পাইছে ৬৪৯টকা প্ৰতি মাহলৈ৷ আল্ট্ৰা হাই ডেফিনেশ্যনত এই প্লেন যোগে গ্ৰাহকে চাৰিখন স্ক্ৰীণত চিনেমা নাইবা আন অনুষ্ঠান উপভোগ কৰিবলৈ সক্ষম হ’ব৷
মুঠৰ ওপৰত নেটফ্লিক্সে ভাৰতীয় গ্ৰাহকৰ বাবে প্ৰতিটো প্লেনৰ অতি কমেও ৫০ৰ পৰা ৩০০টকালৈ হ্ৰাস কৰিছে ৷
নেটফ্লিক্স ইণ্ডিয়াৰ ভি.পি.-কনটেণ্ট মণিকা শ্বেৰগীলে জনোৱা মতে ১৪ ডিচেম্বৰৰ পৰা গ্ৰাহকসকলে অট’ আপগ্ৰেডেচনৰ নতুন সুবিধা লাভ কৰিব ৷ ইয়াৰ ফলত গ্ৰাহক সকলে এক পপ্ আপ যোগে আগজাননী পাব আৰু একো অসুবিধা নাপালে তেওঁলোকে একে মূল্যতে আগৰ প্লেন পুনৰ উপভোগ কৰিব পাৰিব ৷